গুৱাহাটী, ১ ডিচেম্বৰঃ জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰাচীন পাৰ্মাফ্ৰষ্ট গলিলে মানুহৰ বাবে এক নতুন ভাবুকি আহি পৰিব পাৰে। বিজ্ঞানীসকলে কৈছে যে তেওঁলোকে দুই ডজনতকৈও অধিক ভাইৰাছ বিচাৰি পাইছে, যাৰ এটা হ্ৰদৰ তলত জমা হৈ আছে আৰু এয়া ৪৮,৫০০ বছৰতকৈও অধিক পুৰণি। ইউৰোপীয় বিজ্ঞানীসকলে ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ পাৰ্মাফ্ৰষ্টৰ পৰা কিছুমান নমুনা লাভ কৰিছে, যিবোৰ তেওঁলোকে পৰীক্ষা কৰিছে। বিজ্ঞানীসকলে ১৩ টা নতুন বীজাণু পুনৰুজ্জীৱিত আৰু চিহ্নিত কৰিছে। বিজ্ঞানীসকলে সেইবোৰক জম্বি ভাইৰাছ নাম দিছে। গৱেষকসকলৰ মতে, কেইবা হাজাৰ বছৰ ধৰি হিমায়িত বৰফত বাস কৰা স্বত্বেও এইবোৰ সংক্ৰামক হৈ আছে।
বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি সতৰ্ক কৰি আহিছে যে বায়ুমণ্ডলীয় উষ্ণতাৰ ফলত পাৰ্মাফ্ৰষ্ট গলিলে তাত আৱদ্ধ হৈ থকা সেউজগৃহ গেছ যেনে মিথেন মুকলি হ'ব, যাৰ ফলত পৰিৱেশৰ অধিক অৱনতি ঘটিব। কিন্তু সুপ্ত বীজাণুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে তথ্য এতিয়াও কম। ৰাছিয়া, জাৰ্মানী আৰু ফ্ৰান্সৰ গৱেষণা দলে কৈছে যে, " গৱেষণা কৰা ভাইৰাছটো পুনৰুজ্জীৱিত কৰাৰ জৈৱিক বিপদাশংকা শূন্য আছিল কিয়নো আমি কেৱল এনে ধৰণৰ প্ৰকাৰক লক্ষ্য কৰিছো, বিশেষকৈ যিবোৰে এমিবা জীৱাণুক সংক্ৰমিত কৰিব পাৰে। জন্তু বা মানুহক সংক্ৰমিত কৰিব পৰা ভাইৰাছ অতিকৈ বিপদজনক।"
Comments