গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ ঃ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত কোনো অকতৃৰ্ত্বশীল ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা থাকিব নোৱাৰিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত অকতৃৰ্ত্বশীলভাৱে আৱাসী হৈ থকা এজন প্ৰাক্তন ছাত্ৰৰ নেতৃত্বত ৰেগিঙৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পাছত উচ্ছ শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ৷
ৰেগিঙৰ নামত অত্যাচাৰৰ বলি হৈ এজন ছাত্ৰ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে৷ কালি শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত ডিব্ৰুগড. বিশ্ববিদ্যালয়ৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে উচ্ছ শিক্ষানুষ্ঠানখনৰ কতৃৰ্পক্ষকএকপ্ৰকাৰ জগৰীয়া কৰিছিল৷ শিক্ষানুষ্ঠানত ৰেগিং বন্ধ কৰিবলৈ শিক্ষা বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা আজি ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ডাঃ পেগুৱে কয় যে ডিব্ৰগড় বিশ্ববিদ্যালয়ে নহয় আন আন কেইবাখনো মহাবিদ্যালয়ত হোৱা ৰেগিঙৰ অভিযোগ পোৱা গৈছে৷ শিক্ষানুষ্ঠান ৰেগিংমুক্ত কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ চৰকাৰে এলান্ধুকলীয়া এই ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব৷ বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা কোনো অকতৃৰ্ত্বশীল ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব৷ ছুপাৰ-ডুপাৰ ছিনিয়ৰ হৈ কোনোৱে ছাত্ৰাৱাসত থাকিব নোৱাৰিব৷
কোনোৱে থাকিবলগীয়া হ’লেও অসামাজিক মানসিকতাৰে নথকাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব৷ শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডৰ তদন্তৰ প্ৰতিবেদন অহাৰ পাছতে কঠোৰ ব্যৱস্থা লোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ ডাঃ পেগুৱে আৰু কয় যেতেওঁ আজি পুৱা ভুক্তভোগী ছাত্ৰজনৰ মাতৃ আৰু চিকিৎসক ডাঃ নিৰ্মল চাহেৱালৰ লগত ফ’নত কথা পাতিছে৷
ভাল চিকিৎসকে চিকিৎসা দি আছে আৰু ছাত্ৰজন সোনকালে আৰোগ্য হৈ উঠিব৷ ডিব্ৰুগড়তে ছাত্ৰজনৰ অস্ত্ৰোপচাৰ হ’ব৷ পাছত চে’ক্আপৰ বাবেদিল্লীলৈ নিয়া হ’ব বুলি শিক্ষা মন্ত্ৰীজনে কয়৷ ডিব্ৰুগড়ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে কৃষি মন্ত্ৰী অতুল বৰাই৷
তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ঘটনাৰ লগত জড়িত প্ৰত্যেকেই বিচৰৰ কাঠগড়.াত উঠিব লাগিব৷ শিক্ষক, অভিভাৱক আৰু ছাত্ৰই মিলি শিক্ষানুষ্ঠানত সুস্থ শৈক্ষিক পৰিৱেশ গঢ়িব লাগিব বুলিও মন্ত্ৰী বৰাই কয়৷
Comments