গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ ঃ মহা আয়োজনেৰে ধুবুৰীৰ পৰা প্ৰদেশ কংগ্ৰেছে ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছিল যদিও শেষৰফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংগ এৰিছে একাংশ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাই৷ প্ৰথম অৱস্থাত এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল যদিও পাছলৈ তেওঁলোকে ভাৰত জোড়ো যাত্ৰাৰ পৰা পৃষ্ঠভংগ দিছে৷
এই যাত্ৰাই বিভিন্ন জিলাত প্ৰৱেশ কৰিছে যদিও একাংশ জিলা তথা ব্লক পৰ্যায়ৰ নেতায়ো সভাপতি বৰাক যে সংগ দিয়া নাই, সেই কথা ওলাই পৰিছে অসমৰ সাংগঠনিক দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ এখন পত্ৰত৷
উল্লেখযোগ্য যে সিঙে পত্ৰখনত কোন কোন নেতাই ভাৰত জোড়ো যাত্ৰাত সহযোগ কৰা নাই, তেওঁলোকৰ নামৰ তালিকা বিচাৰিছে সভাপতি ভূপেন বৰাৰ পৰা৷ যিসকল নেতাই কংগ্ৰেছৰ এই কাৰ্যসূচীত সহযোগ কৰা নাই, তেওঁলোকৰ নামৰ তালিকা ডিচেম্বৰ মাহৰ শেষৰফালে এ আই চি চিক দাখিল কৰিবলৈ সাধাৰণ সম্পাদকজনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক নিৰ্দেশ দিছে৷
যোৱা এক নৱেম্বৰত ধুবুৰীৰ পৰা প্ৰদেশ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি এই কাৰ্যসূচীয়ে এমাহ সম্পূৰ্ণ কৰিলে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াসকলৰ সালসলনি হ’ব অহা জানুৱাৰী মাহত৷ ভাৰত জোড়ো যাত্ৰাত সহযোগ নকৰা কংগ্ৰেছৰ নেতা-পালিনেতাসকলৰ তালিকা প্ৰদেশ কংগ্ৰেছে যুগুত কৰি এ আই চি চিত দাখিল কৰাৰ পাছত তেওঁলোকক দায়িত্বৰ পৰা যে আঁতৰাই দিয়া হ’ব সেই কথা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ কঠোৰ নিৰ্দেশত স্পষ্ট হৈ পৰিছে৷
Comments