গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ ঃ ৰাজ্যৰ মেধাৱী শিক্ষাথ¹সকলক অমৃত সন্তান আখ্যা দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত এই প্ৰজন্মক নিজৰ মেধাৰ জৰিয়তে দেশক বিশ্বৰ সৰ্বোচ্ছ স্থানলৈ নি নিজকে দেশৰ সুযোগ্য সন্তান হ’বলৈও তেওঁ আহবান জনায়৷
খানাপাৰাস্থিত অসম পশুপালন আৰু পশুচিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজি উচ্ছতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৫৮০০ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ কৰি এই আহবান জনায় মুখ্যমন্ত্ৰীজনে৷ আনহাতে, শীঘ্ৰে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলক মাহে ১০০০ টকাকৈ প্ৰদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীজনে৷
উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাজ্যত অনুষ্ঠিত উচ্ছতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱা ৬,০৫২জন ছাত্ৰলৈ আজি ড॰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত স্কুটি বিতৰণ কৰা হয়৷
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিতৰণ কৰা এই স্কুটীৰ কেন্দ্ৰীয় অনুষ্ঠানত আজি কামৰূপ, কামৰূপ [ম], দৰং, নগাঁও, মৰিগাঁঁঁঁঁও আৰু নলবাৰী জিলাৰ এই শিক্ষাৰ্থীসকলৰ মাজত স্কুটী বিতৰণ কৰে৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ সকলো জিলাতে স্কুটী বিতৰণ সম্পূৰ্ণ কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে৷
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই ২৫ বছৰক অমৃত কাল বুলি কৈ এই সময়ছোৱাৰ প্ৰতিজন মেধাৱী শিক্ষাৰ্থীকে অমৃত সন্তান আখ্যা দিয়ে৷ অমৃত কালৰ এই অমৃত সন্তানসকলক দেশৰ গৌৰৱৰ সেনানী বুলিও তেওঁ প্ৰকাশ কৰে৷ অমৃত কালৰ এই প্ৰজন্মই দেশ আৰু বিশ্ব জয় কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশ কৰে৷
মেধাৱী শিক্ষাৰ্থীসকলক মেধাৰ জৰিয়তে ভাৰতক বিশ্বৰ সৰ্বোচ্ছ স্থানলৈ লৈ নি নিজকে দেশৰ সুযোগ্য সন্তান হোৱাৰ আহবানো জনায় মুখ্যমন্ত্ৰীজনে৷ যুৱ প্ৰজন্মক এখন ৰাষ্ট্ৰৰ ভেটি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে কয় যে এই প্ৰজন্মৰ উদ্ভাৱনী চিন্তাই দেশ নিৰ্মাণৰ মূল শক্তি৷
অসমৰ মহাবীৰ লাচিত বৰফুকনে এটা সৰু বাহিনী লৈও নিজৰ উদ্ভাৱনী শক্তিৰ জৰিয়তে মোগলৰ বিশাল বাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ দি মুখ্যমন্ত্ৰীজনে যুৱ প্ৰজন্মক নিজৰ উদ্ভাৱনী শক্তিৰ বিকাশ ঘটাই সমাজক সফলতাৰ উচ্ছতম শিখৰলৈ লৈ যাবলৈ আৰু আমেৰিকা আৰু চীনৰ পাছতে ভাৰতক বিশ্বৰ উৎকৃষ্ট দেশ হিচাপে গঢ়ি তুলিবলৈ আহবান জনায়৷
দেশৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰা ‘প্ত প্ৰাণ’ক স্মৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ৩ান জনাই মুখ্যমন্ত্ৰীজনে কয় যে নতুন দিনৰ প্ৰযুক্তিৰ চিন্তাৰে আগবাঢ়িব নোৱাৰিলে কাৰো সৈতে ফেৰ মাৰিব নোৱাৰিব৷ এনে হ’লে পৰনিৰ্ভৰশীল হৈ থাকিব লাগিব৷ তেওঁ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি আৰু ন ন উদ্ভাৱনেৰে নতুন দিনৰ নতুন পৃথিৱীৰ বাবে কাম কৰিবলৈও ছাত্ৰ-ছাত্ৰীসকলক আহবান জনায়৷
স্কুটী লাভ কৰা শিক্ষাৰ্থীসকল এই বছৰৰ আটাইতকৈ মেধাসম্পন্ন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে আজি তেওঁলোকৰ কৃতিত্বৰ স্বীকৃতিৰ দিন বুলিও প্ৰকাশ কৰে৷ লগতে এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ অপেক্ষাত থাকিলে নহ’ব বুলিও উল্লেখ কৰি তেনে কৰিলে নিজৰ মেধাক অপমানহে কৰা হ’ব বুলি কয়৷
তাৰ পৰিৱৰ্তে নিজৰ মেধাক এক দিশ দিয়াৰ আহ৩ান জনায়৷ আনহাতে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শীঘ্ৰে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক মাহে ১০০০ টকাকৈ প্ৰদান কৰিব বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ঘোষণা কৰে৷ এই ক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ হাজাৰ টকা প্ৰদান কৰা হ’ব৷
চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা সকলো ছাত্ৰীকে এই সুবিধা প্ৰদান কৰা হ’ব আৰু ঘৰৰ পৰা শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰাৰ বাবে এই ধন চৰকাৰে আগবঢ়াই তেওঁলোকৰ পিতৃ-মাতৃক কিছু সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে সিদ্ধান্ত লোৱা বুলি তেওঁ কয়৷
অহা সপ্তাহৰ ভিতৰত শিক্ষা বিভাগে এটা প’ৰ্টেল আৰম্ভ কৰিব বুলিও সদৰী কৰি তেওঁ এই ধন লাভৰ বাবে উক্ত প’ৰ্টেলত আৱেদন কৰিবলৈ সকলোকে আহবান জনায়৷ ৰাজ্য চৰকাৰৰ বিত্তীয় পৰিস্থিতি উন্নত হ’লে দুই এবছৰৰ পাছত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰীসকলকো এই ধন আগবঢ়োৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷
ইফালে, ৰাজ্যৰ শিক্ষা বিভাগক অহা বছৰৰ পৰা ফচিল ফুৱেল ব্যৱহাৰ কৰা স্কুটীৰ সলনি ইলেক্ট্ৰিক স্কুটী প্ৰদান কৰাৰ চিন্তা কৰি শিক্ষাৰ্থীসকলক ইন্ধন ক্ৰয়ৰ চিন্তাৰ পৰা মুক্ত কৰিবলৈও আহবান জনায়৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসমত উন্নত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবৰ বাবে চৰকাৰে নতুনকৈ ৩০খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি থকাৰ কথা উল্লেখ কৰি ইয়াৰে ৯খন ব্যক্তিগত বিশ্ববিদ্যালয় আৰু বাকী ২১খন ৰাজ্যিক বিশ্ববিদ্যালয় বুলি সদৰী কৰে৷
অনুষ্ঠানত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই এতিয়া তথ্য প্ৰযুক্তিৰ যুগ বুলি সদৰী কৰি তথ্য প্ৰযুক্তিৰ সমাহাৰেৰে যুৱ প্ৰজন্মক বিশ্বৰ অন্য প্ৰান্তৰৰ সৈতে প্ৰতিযোগিতাত অংশ ল’বই লাগিব আৰু ৰাজ্যত সুস্থশৈক্ষিক পৰিৱেশ গঢ়াত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়৷ অনুষ্ঠানত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক মানৱ ডেকা আদিও উপস্থিত থাকে৷
Comments