ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং-কাণ্ডত গুৰুতৰভাৱে আহত হৈ আদিত্য নাৰ্ছিং হোমৰ আই চি ইউত চিকিৎসাধীন আনন্দ শৰ্মাৰ ৰাজহাড়ৰ জটিল অস্ত্ৰোপচাৰ কাইলৈ সম্পন্ন হ’ব৷
উল্লেখযোগ্য যে ৰেগিঙৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জঁপিয়াই দিয়াত মুখমণ্ডলত আঘাত পোৱাৰ উপৰি সোঁহাতখন ভাগি যায়৷ তদুপৰি, আনন্দ শৰ্মাৰ ৰাজহাড় ভগা বুলি চিকিৎসকে জনায়৷ আদিত্য নাৰ্ছিং হোমৰ অন্যতম স্বত্বাধিকাৰী বিশিষ্ট চিকিৎসক নিৰ্মল চাহেৱালাই জনায় যে বৰ্তমান আনন্দৰ স্বাস্থ্য সুস্থিৰ৷
কাইলৈ হ’বলগীয়া অস্ত্ৰোপচাৰৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ শংকাৰ কথা এয়ে যে আনন্দ শৰ্মাৰ ৰাজহাড়ডাল ভাগি কেইবা টুকুৰা হৈছে৷
ইয়াৰ ফলত ভাঙি যোৱা সৰু সৰু টুকুৰাসমূহে স্নায়ুত হেঁচা দিছে৷ ইয়াৰ বাবে তেওঁৰ এখন ভৰি লৰচৰ কৰিব নোৱৰা হোৱা বুলি ডাঃ চাহেৱালাই জনায়৷ তেওঁ আৰু জনায় যে ৰাজহাড়ৰ হাড়ডাল ভগাৰ ফলত তেওঁৰ স্বাস্থ্যজনিত সমস্যা কিছু কম হৈছে৷ ৰাজহাড়ৰ দুই নম্বৰ হাড়ডাল যদি ভাগিলহেঁতেন তেন্তে তেওঁৰ কঁকালৰ নিম্নাংশ পেৰালাইছিছ হৈ গ’লহেঁতেন৷
ৰাজহাড়ডাল জোৰা লগাবলৈ অস্ত্ৰোপচাৰৰ জৰিয়তে টাইটেনিয়ামৰ সামগ্ৰী লগোৱা হ’ব বুলি তেওঁ কয়৷ সম্পূৰ্ণ আৰোগ্য হ’বলৈ তেওঁক সময়ৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে৷ ৰেগিঙত জড়িত আছিল ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকো ঃ আনন্দ শৰ্মাক কৰা ৰেগিং-কাণ্ডত জড়িত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা৷
আজি আনন্দ শৰ্মাৰ বায়েকে সংবাদ মাধ্যমৰ আগত চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে একাংশই তেওঁৰ ভাতৃক মাৰপিট কৰি থকাৰ সময়ত উজ্জ্বল অংকুৰ বৰাই আনন্দৰ ম’বাইল কাঢ়ি ৰাখিছিল৷ আনন্দই আই চি ইউত বায়েকক দিয়া ভাষ্য ৰাজহুৱা কৰি তেওঁ কয় যে হোষ্টেলৰ দ্বিতীয় নহয়, তৃতীয় মহলাৰ পৰাহে আনন্দই প্ৰাণ বচাবলৈ জাঁপ মাৰি দিছিল৷
জাঁপ মৰাৰ পূৰ্বে আনন্দক ১০০টা চৰ মৰাৰ উপৰি মুখত জোতা সুমুৱাই ডিঙি চেপি ধৰিছিল৷ আনন্দই অধীক্ষকক লিখিত অভিযোগ দিয়া বুলি গম পাই জ্যেষ্ঠ একাংশই ভাবুকি দিছিল যে তেওঁলোকৰ যদি শাস্তি হয়, তেন্তে আনন্দক ৰাস্তাৰ পৰা গাড়ীত তুলি গুলীয়াই মাৰি দিব৷
আনন্দৰ বায়েকে আৰু জনায় যে ৰাহুল চেত্ৰীৰ নেতৃত্বত চলা এই অমানুষিক অত্যাচাৰৰ পাছত আনন্দ আৰু দুজনক কোঠাত বন্ধ কৰি ৰাখিছিল৷ ইফালে, ৰেগিং-কাণ্ডত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ নাম সাঙোৰ খাই পৰাত বিশ্ববিদ্যালয়খনৰ ভিতৰচ’ৰাত চলা অৰাজকতা পুনৰবাৰ প্ৰমাণ হ’ল৷
আজি আৰক্ষীয়ে সাধাৰণ সম্পাদক উজ্জ্বলক গ্ৰেপ্তাৰ কৰি থানাত সোধা-পোছা অব্যাহত ৰাখিছে৷ ইফালে কালি নিশা আৰক্ষীয়ে আন এগৰাকী অভিযুক্ত ছাত্ৰ বৰুৱাক জিলাখনৰ টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰে৷
Comments