লখিমপুৰ, ১ ডিচেম্বৰ অসম দিবস উপলক্ষত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰ জিলা সাহিত্য সভাই আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীলৈ এই বছৰৰ "বৰ অসম সমন্বয় বঁটা" আগবঢ়াইছে। আজি নর্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুব পৰিষদে।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলাৰ সাহিত্য সভাৰ সহযোগত আয়োজিত চতুর্থ বার্ষিক “অসম দিবস" উপলক্ষত সংগঠন কেইটাই সত্ৰাধিকাৰ গৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি ঘোষণা কৰিছে। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰ জিলা সাহিত্য সভাই কাইলৈ উত্তৰ গুৱাহাটীৰ অশ্বকান্টা শাখা সত্ৰত এই বঁটা প্ৰদান কৰিব সত্ৰাধিকাৰ গৰাকীক ।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুবিন আহমেদ, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতা আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্রবীন হাজৰিকা আঞ্চলিক সমিতিৰ বিষয়ববীয়া মৃদুল শইকীয়াই উল্লেখ কৰে যে অসম জাতীয়তাবাদী যুব পৰিষদে বিগত চাৰিটা বছৰ ধৰি "অসম দিবস” উদ্যাপন কৰি আহিছে।
পৰিষদে এই বঁটা প্ৰথমে বিশিষ্ট অভিনেতা নিপন গোস্বামীক আৰু পৰৱৰ্তী পৰ্যায়ত প্রাক্তন মুখ্যমন্ত্রী তরুণ গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহ আৰু চলিত বছৰত এই বঁটা সত্ৰাধিকাৰ গৰাকীলৈ আগবঢ়োৱা হৈছে বুলি সদৰি কৰে। সত্ৰাধিকাৰ গৰাকীলৈ আগবঢ়োৱা এই বঁটাত আছে এখন গামোছা, এখন চেলেঙ, মানপত্র, স্মাৰক, এখন হেংদাং, অংগ বস্তু, আৰু নগদ ২৫ হাজাৰ টকা।
“অসম দিবস" উপলক্ষে পৰিষদে আয়োজন কৰা কাৰ্যসূচী অনুসিৰ কাইলৈ পুৱা পতাকা উত্তোলন কৰিব পৰিষদৰ সভাপতি হৰেণ বৰুৱাই আৰু শহীদ তৰ্পণ কৰিব পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ হাজৰিকাই। ইয়াৰ পিছতে দিবস উপলক্ষে ডাম ফি পূজা অনুষ্ঠিত হ'ব।
Comments