জগদুৱাৰ , ১ ডিচেম্বৰ :টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ চৌহদত এজন যুৱকৰ কৰুণ মৃত্যুকলৈ চাঞ্চ্যলৰ সৃষ্টি হৈছে । উপ সংমণ্ডলটোত নিৰ্মানকাৰ্যৰ বাবে খন্দা গাতত পৰি মৃত্যু হয় এজন যুৱকৰ। জানিব পৰা অনুসৰি জান্টু ৰবিদাস নামৰ যুৱকজনে নিৰ্মাণকাৰ্য চলি থকা গাতত পৰা এটা ছাগলী উদ্ধাৰৰ বাবে যাওঁতে সংঘটিত হয় উক্ত ঘটনা। প্ৰায় পাঁচ ফুট গভীৰ দ গাটো উন্মুক্ত অৱস্থাত থকাৰ বাবেই সংঘটিত হৈছে উক্ত ঘটনা।
টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। মৃত জান্টু ৰবিদাস পেছাত এজন গাড়ী চালক আছিল ।
বিবাহিত জান্টু ৰবিদাসে মৃত্যু সময় পত্নী লগতে দুটিকৈ সন্তান ইহসংহাৰত এৰি যায়। ইপিনে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ বিদ্যুত বিভাগৰ গাফিলতিৰ ফলতেই উক্ত ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলি পৰিয়ালক উচিত ক্ষতিপূৰণৰ দিয়াৰ দাবী কৰিছে।
Comments