Cartoon
View Older
ধেমাজি , ১ ডিচেম্বৰ:শিৱ সন্দিকৈ সোঁৱৰণিত ধেমাজি জিলা ক্ৰীড়া সংস্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আজিৰে পৰা ১৩ সংখ্যক সদৌ অসম আন্তঃজিলা চাৱজুনিয়ৰ ১৬ বছৰ অনুৰ্দ্ধ লৰা - ছোৱালীৰ কাবাডী প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে ৷ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা কাবাডী প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে অসম কাবাডী সন্থাৰ সভাপতি ভূৱনেশ্বৰ কলিতাই ৷
ইয়াৰ পিছতে অনুষ্টুপীয়াকৈ এখনি সভাও অনুষ্ঠিত কৰা হয় ৷ সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে ৷সভাত ৰাজ্যখনৰ পৰা অহা ৰেফাৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ৰাজ্যখনৰ ২৮ খন জিলাৰ পৰা ৪৮ টা লৰা - ছোৱালী দলে অংশগ্ৰহণ কৰে ৷
Comments