তিনিচুকীয়া:১ ডিচেম্বৰ : তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সভাপতিত্বত মহিলাৰ প্ৰতি হোৱা হিংসা নিৰ্মূল তথা মহিলা সুৰক্ষাৰ উদ্দেশ্যে থকা আইনী প্ৰৱিধানসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ বিভিন্ন এলেকাত ৰূপায়ন হৈ থকা কাৰ্য্যসূচী সন্দৰ্ভত আলোচনা কৰিবৰ বাবে জিলা সমাজকল্যাণ বিভাগৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়। চাহবাগিচা তথা অন্যান্য ভিতৰুৱা অঞ্চলত মহিলা আৰু কন্যা সন্তানৰ বিৰুদ্ধে হৈ থকা হিংসাত্মক কাৰ্যকলাপ নিৰ্মূলৰ বাবে ব্যাপক সজাগতামূলক কাৰ্য্যসূচী চলাই থকা " Women's Safety Accelerator Fund" চমুকৈ WSAF য়ে এখন পাৱাৰ পইন্ট প্ৰেজেনটেচনৰ জৰিয়তে প্ৰতিষ্ঠানটোয়ে মহিলা সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে বিতংকৈ উপস্থাপন কৰে।
অতিৰিক্ত উপায়ুক্ত (সমাজকল্যাণ) চৰফ্ৰাজ হকে আঁত ধৰা সভাত জিলা উপায়ুক্ত নৰসিং পৱাৰে মহিলাৰ বিৰুদ্ধে হৈ থকা হিংসাত্মক কাৰ্যকলাপ, বাল্য বিবাহ, প্ৰসূতি মাতৃৰ মৃত্যু আদি ৰোধ কৰাৰ ক্ষেত্রত প্ৰতিষ্ঠানটোক অধিক সজাগতামূলক প্ৰচাৰ কাৰ্য্যসূচী হাতত লবলৈ আহ্বান জনায়। আজিৰ সভাত "Handbook for Management and Staff 2022*2023" শীৰ্ষক পুথিখন জিলা উপায়ুক্ত নৰসিং পৱাৰে উন্মোচন কৰে। "ঘৰ, পৰিয়াল, সমাজ আৰু কৰ্মস্থলী মহিলাৰ বাবে সুৰক্ষিত কৰিম" এই শপতবাক্যৰ তলত হস্তাক্ষৰ প্ৰদান কৰে। আনহাতে, মহিলাৰ বিৰুদ্ধে হৈ থকা হিংসাত্মক কাৰ্যকলাপ নিৰ্মূল তথা মহিলাৰ সুৰক্ষা বাবে উপলব্ধ যাৱতীয় আইনী ব্যৱস্থা সন্দৰ্ভত সাজু কৰি তোলা বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে জিলাখনৰ বিভিন্ন এলেকাত মহিলাৰ সুৰক্ষা বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সাজু কৰি উলিওৱা সজাগতামূলক বাহনৰ জিলা উপায়ুক্ত নৰসিং পৱাৰে ফ্লেগ অফ কৰে।
সভাত সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁই, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া নিলুৰাম শৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তি শৰ্মা প্ৰমুখ্যে সমাজকল্যাণ বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী, জিলাখনৰ কেউটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে, মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণ আৰু ১০ ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে যোৱা ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে তিনিচুকীয়া জিলাত এলানি বিশেষ সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
Comments