গুৱাহাটী, ২ ডিচেম্বৰঃ উত্তৰ কোৰিয়াৰ একনায়ক শাসক কিম জং উন প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। তেতিয়াবা মিছাইল পৰীক্ষাৰ বাবে নাইবা কেতিয়াবা তেওঁৰ দমনমূলক শাসনৰ বাবে প্ৰায়ে তেওঁৰ নাম চৰ্চিত হৈ থাকে। কিন্তু বৰ্তমান কিম জং উনৰ জীয়ৰীৰ বাবে তেওঁ আলোচনাৰ বিষয় হৈ আছে। কেইদিনমান আগতে কিম জঙৰ প্ৰথম কন্যা কিম জু এৰ ফটো ভাইৰেল হৈ পৰিছিল। শেহতীয়াকৈ কিমৰ দ্বিতীয় গৰাকী জীয়ৰীৰ ফটো বিশ্ববাসীৰ সন্মুখলৈ আহিছে। এই ছোৱালীজনীক কিমৰ দ্বিতীয় কন্যা বুলি বৰ্ণনা কৰিছে। উত্তৰ কোৰিয়াৰ চৰকাৰী টিভিত দেখুওৱা ফুটেজৰ পৰা ছোৱালীজনীৰ ফটো আঁতৰোৱা হৈছে। এই ঘটনাটোৱে সকলোকে হতবাক কৰি তুলিছে। প্ৰকৃততে ছেপ্টেম্বৰ মাহত উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় দিৱসৰ আয়োজন কৰা হৈছিল।
এই অনুষ্ঠানত কিম জঙৰ দ্বিতীয়গৰাকী জীয়ৰীয়ে আন শিশুৰ সৈতে এটা গানত অংশগ্রহণ কৰে। সেই সময়ছোৱাত, কিম আৰু তেওঁৰ পত্নী ৰি চোল জুও তাত উপস্থিত আছিল। উত্তৰ কোৰিয়াৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞসকলে কৈছে যে অংশগ্রহণ কৰা ছোৱালীজনী কিম জঙৰ দ্বিতীয় কন্যা হ'ব পাৰে। তেওঁলোকে কয় যে ছোৱালীজনীক সাইলাখ কিমৰ দৰে দেখি আৰু তাইক বিশেষভাৱে লাইভ টেলিকাষ্টত দেখুওৱা হৈছে।
Comments