ছিংগাপুৰ, ৬ ডিচেম্বৰ ঃ ভাৰতীয় বিলিয়নাৰ গৌতম আদানি, শিৱ নাদাৰ আৰু অশোক সুতা তথা মালয়েছীয়-ভাৰতীয় ব্যৱসায়ী ব্ৰহ্মাল বাসুদেৱন আৰু তেওঁৰ অধিবক্তা পত্নী শান্তি কান্দিয়াহক ফ’ৰ্বছৰ ১৬সংখ্যক ‘এছিয়াজ হিৰ’জ অব্ ফিলানথ্ৰপি’ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷
এই বছৰ জুন মাহত ৬০ বছৰীয়া হওঁতে আদানিয়ে ৬০,০০০ কোটি টকা সাহায্যৰ বাবে চুক্তিবদ্ধ হোৱাৰ বাবে তেওঁক তালিকাভুক্ত কৰা হৈছে৷ ফ’ৰ্বছে বিবৃতিত কয় যে এই চুক্তিয়ে তেওঁক ভাৰতৰ অন্যতম আটাইতকৈ দানী জনহিতৈষী কৰিলে৷
এই ধন ১৯৯৬ চনত প্ৰতিষ্ঠা কৰা পৰিয়ালৰ আদানি ফাউণ্ডেশ্যনৰ যোগেদি স্বাস্থ্য পৰিচৰ্যা, শিক্ষা আৰু দক্ষতা বিকাশত ব্যয় কৰা হ’ব৷ প্ৰতি বছৰে এই ন্যায়ে সমগ্ৰ ভাৰতত প্ৰায় ৩৭ লাখ লোকক সহায় কৰে৷
ইফালে ভাৰতৰ অন্যতম আটাইতকৈ দানী জনহিতৈষী শিৱ নাদাৰে যোৱা কিছু দশকত বিভিন্ন সামাজিক কামত শিৱ নাদাৰ ফাউণ্ডেশ্যনৰ যোগেদি তেওঁৰ সম্পত্তিৰ প্ৰায় ১ বিলিয়ন ডলাৰ খৰচ কৰিছে৷ এই বছৰ তেওঁ ১৪২ মিলিয়ন ডলাৰ [১১,৬০০ কোটি টকা] এই ন্যাসক দান কৰিছে৷
প্ৰযুক্তি উদ্যোগৰ অশোক সুতাই ২০২১ চনৰ এপ্ৰিলত তেওঁ প্ৰতিষ্ঠা কৰা চিকিৎসা বিজ্ঞান গৱেষণা ন্যাসলৈ ৬৬০ কোটি টকা সাহায্যৰ বাবে চুক্তিবদ্ধ হৈছে৷ আনহাতে ব্ৰহ্মাল বাসুদেৱন আৰু তেওঁৰ পত্নী শান্তি কান্দিয়াহে মালয়েছিয়াৰ পেৰাক প্ৰদেশত এখন শিক্ষণ চিকিৎসালয় নিৰ্মাণৰ বাবে ১১ মিলিয়ন ডলাৰৰ সাহায্যৰ বাবে চুক্তিবদ্ধ হৈছে৷
Comments