ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং-কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীক আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত আজি প্ৰথম দিনা থানাত মাৰাথন জেৰা চলায়৷ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই পুৱা জেৰা চলোৱাৰ পাছত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু চেত্ৰীয়েও সুকীয়াকৈ ৰাহুলক জেৰা কৰে৷
আৰক্ষী অধীক্ষকৰ জেৰাত নৱাগত ছাত্ৰ আনন্দ শৰ্মাক কোনে কোনে শাৰীৰিক নিৰ্যাতন চলাইছিল, সেইসকলৰ নাম উল্লেখ কৰিবলৈ কোৱা হয়৷
উল্লেখযোগ্য যে ৰেগিং- কাণ্ডত অভিযুক্ত তথা বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী জিৎ বৰুৱা, দিব্যজ্যোতি গগৈ, সীমান্ত হাজৰিকা, গালব ডেকা, নিৰঞ্জন ঠাকুৰ আৰু কল্যাণ দত্তৰ উপৰি প্ৰায় ১৫জন ছাত্ৰ প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ উঠিছিল৷
আনহাতে, প্ৰায় ৪০জন ছাত্ৰ প্ৰত্যক্ষদশ¹ হিচাপে আছিল৷ আৰক্ষী অধীক্ষকে উক্ত নিশা কোন কোন আছিল সেইসকলৰ নাম ৰাহুলক জেৰাত সোধে৷ ইতিমধ্যে ৰাহুলে জেৰাত একাংশৰ নাম উল্লেখ কৰা বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত খবৰ মতে, আনন্দ শৰ্মা ৰেগিং-কাণ্ডত ৰাহুল জড়িত থকা বুলি আৰক্ষীয়ে কেতবোৰ তথ্য প্ৰমাণ সংগ্ৰহ কৰে৷
সমান্তৰালভাৱে আৰক্ষীয়ে জেৰাত ৰাহুল মাৰ্ঘেৰিটা, লেখাপানীৰ অবৈধ কয়লা ছিণ্ডিকেটত জড়িত থকা-নথকাৰ সন্দৰ্ভত জেৰা চলায়৷ তদুপৰি ঘটনা সংঘটিত হোৱাৰ পাছত বিগত দিন ৰাহুলে ক’ত আত্মগোপন কৰি আছিল সেই সম্পৰ্কতো সোধা-পোছা কৰে৷
ইফালে ৰেগিং-কাণ্ডৰ বাবে জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দায়িত্ব দিয়া অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱায়ো আজি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ সুকীয়াই ৰাহুলক সোধা-পোছা কৰে৷
উল্লেখযোগ্য যে যোৱা ৪ নৱেম্বৰৰ নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসত ৰেগিঙৰ বলি হোৱা নৱাগত ছাত্ৰ আনন্দ শৰ্মাই অত্যাচাৰ সহিব নোৱাৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ছাত্ৰাৱাসৰ তিনি মহলাৰ পৰা জাঁপ মাৰি গুৰুতৰভাৱে আহত হৈছে৷
যাৰ ফলত আনন্দৰ ৰাজহাড় ভগাৰ উপৰি সোঁহাতখনো ভাগে৷ তেওঁৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাত স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হৈছে৷ ইফালে আজি আনন্দ আঘাতপ্ৰাপ্ত সোঁহাতখনৰ এটা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ গাফিলতিৰ বাবেই সংঘটিত ৰেগিং-কাণ্ড পোহৰলৈ অহাত ৰাজ্যৰ শৈক্ষিক জগতখনত জোকাৰি গৈছিল৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাই ৰেগিং-কাণ্ডক লৈ সৰৱ হৈ পৰাত বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ থৰ-কাছুটি হেৰায়৷ তাৎপৰ্যপূৰ্ণ এয়ে যে শিলচৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং-কাণ্ডক লৈ কেবিনেট প্ৰস্তাৱযোগে কতৃৰ্পক্ষৰ গাফিলতি বুলি ভৎৰ্সনা প্ৰস্তাৱ ল’বলগীয়া হৈছিল৷
যিটো অসমৰ স্বাধীনোত্তৰ ইতিহাসত উচ্ছ শিক্ষানুষ্ঠান এখনৰ বিৰুদ্ধে লোৱা নজিৰবিহীন লজ্জাজনক ঘটনা বুলি বিবেচিত হ’ল৷ ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষ তৎপৰ হৈ থানাত এজাহাৰ দিয়াৰ উপৰি উচ্ছ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন, ৪জন দোষী ছাত্ৰক চিৰদিনৰ বাবে বহিষ্কাৰ, ৩ বছৰলৈ ভাৰতবৰ্ষৰ উচ্ছ শিক্ষানুষ্ঠানত নামভৰ্তিৰ নিষেধাজ্ঞা, ছাত্ৰাৱাসসমূহৰ অধীক্ষকসকলক অপসাৰণকে ধৰি একাধিক ব্যৱস্থা গ্ৰহণ কৰে৷
Comments