গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰ ঃ মহানগৰীৰ পাঞ্জাবাৰীত যোৱা ২১ নৱেম্বৰত দিনদুপৰতে পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ড কুখ্যাত চিণ্টু গেঙে কৰিছিল৷ আৰক্ষীৰ ইনফৰ্মাৰেই চুপাৰী দিছিল ব্যৱসায়ীজনক হত্যা কৰিবৰ বাবে৷
ইতিমধ্যে আৰক্ষীয়ে চুপাৰী দিয়া আমিৰ আলী আৰু হত্যাকাৰী গেঙৰ নেতা চিণ্টু মেধি ওৰফে কিশোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী৷ আনহাতে, এই হত্যাকাণ্ডৰ সৈতে আৰু দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ প্ৰণিধানযোগ্য যে ৰঞ্জিত বৰাৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় এটা পষেকৰ পাছত আৰক্ষীয়ে ঘটনাটো ক্ৰেক্ কৰিবলৈ সক্ষম হৈছে৷
কালি মৰিগাঁৱৰ বৰিগাঁৱৰ পৰা ব্যৱসায়ী ৰঞ্জিত বৰাক হত্যা কৰিবলৈ চুপাৰী দিয়া আমিৰ আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ভঙাগড়ৰ ভাৰাঘৰৰ পৰা চিণ্টু গেঙৰ নেতা চিণ্টু মেধি ওৰফে কিশোৰক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয়৷ মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি আনি গুৱাহাটীত আমিৰ আলীক আৰক্ষীয়ে জেৰা কৰাৰ পাছতে গোটেই ঘটনাটো স্পষ্ট হৈ পৰে৷
উল্লেখযোগ্য যে আৰক্ষীৰ ইনফৰ্মাৰ হিচাপে কাম কৰি আহিছিল আমিৰ আলীয়ে৷ কিন্তু কি কাৰণে আমিৰ আলীয়ে ৰঞ্জিত বৰাক হত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই৷ কিন্তু আমিৰ আলীয়ে চিণ্টু গেঙক ৰঞ্জিত বৰাক হত্যা কৰাৰ বাবে চুপাৰী দিছিল৷
সেই চুপাৰী লাভ কৰাৰ পাছতে চিণ্টু গেঙৰ সদস্যই তেওঁক ২১ নৱেম্বৰত পাঞ্জাবাৰীৰ আই চি আই চি আই বেংকৰ সন্মুখত দিন দুপৰতে ডিঙিত গুলীয়াই হত্যা কৰি তেওঁৰ লগত থকা আঢ়ৈ লাখ টকা লুট কৰি পলায়ন কৰিছিল৷ ইফালে, হত্যাকাণ্ডত ব্যৱহাৰ কৰা মটৰচাইকেলখন আমিৰ আলীৰে আছিল বুলি আৰক্ষী নিশ্চিত হয়৷
এক কথাত এই মটৰচাইকেলৰ আঁত ধৰিয়েই আৰক্ষীয়ে গোটেই ঘটনাটো ক্ৰেক্ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে পাঞ্জাবাৰীত থকা নিজৰে ইনফৰ্মাৰ আমিৰ আলীক বিচাৰি অনুসন্ধান আৰম্ভ কৰে যদিও আমিৰ আলী ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছিল৷ ঘটনাৰ পাছৰে পৰা আমিৰ আলীৰ ম’বাইল বন্ধ হৈ আছিল৷
লগতে গুৱাহাটীৰ পৰা আঁতৰি মৰিগাঁৱৰ বৰিগাঁৱত থকা শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে৷ তাৰ পাছতে কালি মৰিগাঁও আৰক্ষীৰ সহযোগত আমিৰ আলীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি বশিষ্ঠ আৰক্ষী থানাত সমগ্ৰ নিশা তীব্ৰ জেৰা কৰা হয়৷
আৰক্ষীৰ জেৰাত আমিৰ আলীয়ে ৰঞ্জিত বৰাক হত্যা কৰিবৰ বাবে চুপাৰী দিয়াৰ কথা স্বীকাৰ কৰে৷ ড্ৰাগ্ছ সৰবৰাহকে ধৰি পূৰ্বে কেইবাটাও গোচৰত গ্ৰেপ্তাৰ হৈছিল আমিৰ আলী৷ আনহাতে, আমিৰ আলীৰ সৈতে এই ঘটনাত নুৰুল নামৰ আন এটা সতীৰ্থও জড়িত থকাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷
ইফালে, গুৱাহাটীত ড্ৰাগ্ছ সৰবৰাহকাৰী হিচাপে পৰিচিত চিণ্টু মেধিয়ে ২০১৩ চনৰপৰা মহানগৰীত চেইন কঢ়াৰ কাম আৰম্ভ কৰে৷ নিজৰ এটা গেং খুলি চিণ্টু মেধি ওৰফে কিশোৰে এই কাম কৰি আহিছিল৷ দীৰ্ঘদিনৰ পৰা চিণ্টু মেধি আৰক্ষীৰ টাৰ্গেট হৈ আহিছিল৷
শেহতীয়াকৈ সন্দেহবশতঃ আৰক্ষীয়ে চিণ্টু মেধিক বিচাৰি অভিযান চলাই আছিল৷ কিন্তু কালি আমিৰ আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাত চিণ্টু মেধি জড়িত থকাৰ কথা নিশ্চিত হয়৷ তাৰ পাছতে বিশেষ সূত্ৰৰ তথৰ ভিত্তিত আৰক্ষীয়ে ভঙাগড়ত এটা ভাৰাঘৰত এটা সতীৰ্থৰ সৈতে আত্মগোপন কৰি থকা চিণ্টু মেধিক গ্ৰেপ্তাৰ কৰে৷
গ্ৰেপ্তাৰৰ পাছতে দুয়োকে তীব্ৰ জেৰা কৰা হয়৷ এই ঘটনাত আৰু একাধিক দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ সেয়ে, বাকী অভিযুক্তসকলক বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷ আনহাতে, আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুয়ো অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷
তদন্তৰ খাতিৰত দুয়োকে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতক আৱেদন কৰে৷ আদালতে দুয়োকে প্ত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ এতিয়া আৰক্ষীয়ে দুয়োকে লগত লৈ সতীৰ্থসকলক বিচাৰি অভিযান চলাবলৈ প্ৰস্তুতি চলোৱাৰ কথা জানিব পৰা গৈছে৷
Comments