সোণাৰি ঃ নিজা প্ৰতিবেদক, ৬ ডিচেম্বৰ ঃ আজি পুৱা গুলীৰ প্ৰচণ্ড শব্দত কঁপি উঠিল চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ৷ সোণাৰি সদৰ আৰক্ষী থানাৰ সন্মুখত এগৰাকী আৰক্ষী বেটেলিয়নৰ জোৱানৰ গুলীত ঢলি পৰিল সতীৰ্থ এগৰাকী জোৱান৷
ঘটনাৰ বিৱৰণী মতে, থানাখনৰ মূল প্ৰৱেশপথত নৈশ পহৰীৰ দায়িত্ব সম্পাদন কৰি থকা গকুল বসুমতাৰী নামৰ নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱানগৰাকীৰে আজি পুৱা একেটা বেটেলিয়নৰ জোৱান দীপক কাকতীৰে কোনো কথাত বাক্-বিতণ্ডা হয়৷
পাছত দীপক কাকতীয়ে কৰ্তব্যৰত জোৱান বসুমতাৰীক উদ্দেশ্যি হাতত থকা ৫.৫৬ ইনচাচ ৰাইফলটোৰে চাৰি জাঁইকৈ গুলী বৰ্ষণ কৰে৷ ঘটনাটোত ডিঙি আৰু ভৰিত গুলীবিদ্ধ হৈ থানাখনৰ সন্মুখতে বাগৰি পৰে জোৱান গৰাকী৷ পুৱা সংঘটিত হোৱা এই ঘটনাৰ আকস্মিকতাত থানাখনত থকা আৰক্ষীৰ লোকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰে৷
পাছত গুৰুতৰভাৱে আহত জোৱানগৰাকীক সংকটজনক অৱস্থাত ততালিকে সোণাৰি ৰজাপুখুৰীস্থিত সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছত তেওঁৰ মৃত্যু হয়৷
ইফালে জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে আহত জোৱান গৰাকীক চিকিৎসালয়লৈ নিয়াৰ লগে লগে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত ঘটনাটো সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰে৷ ইয়াৰ মাজতে ঘটনাটো সংঘটিত কৰা জোৱানগৰাকীক আৰক্ষীয়ে কৰায়ত্ত কৰি সোণাৰি আৰক্ষী থানাত লক্আপ কৰে৷
উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ওপৰ মহলাত বিগত কিছুদিন ধৰি আশ্ৰয় লৈ আছে নৱম অসম আৰক্ষী বেটেলিয়নৰ এটা দল৷ আজি তিনিদিন পূৰ্বে কোনো খাদ্য বস্তু ভাগ বটোৱাৰা কৰা বিষয়টোত কেইগৰাকীমান জোৱানৰ মাজত তৰ্ক -বিতৰ্ক হৈছিল৷
সেই সময়ত কিছু পৰিমাণে অপ্ৰকৃতিস্থ হৈ থকা জোৱান দীপক কাকতীৰ উত্তেজনা প্ৰশমিত কৰিবলৈ চেষ্টা কৰা গকুল বসুমতাৰীৰ সৈতে দুয়োৰে বাক্-বিতণ্ডা হৈছিল৷ কালি দিনৰ ভাগত একে কাৰণতে দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হৈছিল যদিও আন জোৱানসকলৰ মধ্যস্থতাত এয়া শাম কাটিছিল বুলি জানিব পৰা গৈছে৷
কিন্তু আজি পুৱা গকুল বসুমতাৰী কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়ত তেওঁক ৰিলিজ দিবলৈ বুলি উক্ত স্থানলৈ অহা জোৱান দীপক কাকতীয়ে থানাখনৰ সন্মুখতে পুনৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈ মূৰকত বসুমতাৰীক গুলীয়াই ধৰাশায়ী কৰে৷
দুয়োগৰাকী জোৱানৰ সতীৰ্থ একাংশই প্ৰকাশ কৰা মতে, ঘাতক দীপক কাকতী সততে সুৰামত্ত হৈ থকা সূত্ৰে এই জঘন্য কাণ্ড সংঘটিত কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে৷ নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁৱৰ চামগুৰিত আৰু দীপক কাকতীৰ ঘৰ বাইহাটা চাৰিআলিত বুলি জানিব পৰা গৈছে৷
এই ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে তদন্ত চলোৱাৰ সমান্তৰালভাৱে আটকাধীন জোৱান গৰাকীক সোধাপোছা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি আৰক্ষীয়ে মৃত জোৱানগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে ঘাটক জোৱানগৰাকীক আদালতত হাজিৰ কৰিবলৈ যো-জা চলোৱা বুলি জানিব পৰা গৈছে৷
ঘটনাটোৱে সমগ্ৰ চৰাইদেউ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে, আজি পুৱা সতীৰ্থৰ গুলীত নিহত হোৱা নৱম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত সোণাৰি সদৰ আৰক্ষী থানালৈ অনাৰ পাছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিং, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ আদিৰ উপৰি জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ শ্ৰদ্ধাঞ্জলিৰ পাছতে নশ্বৰদেহ নিহত জোৱানজনৰ স্বগৃহলৈ লৈ যোৱা হয়৷
Comments