নলবাৰীৰ নিজা বাতৰি দিওঁতা আৰু নিজা প্ৰতিবেদক, ৬ ডিচেম্বৰ ঃ ‘অসমত বিকাশৰ বাবে নতুন গংগা নমাই আনিম৷ অসমত বৈ যাব বিকাশৰ নতুন গংগা৷’ এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷
আজি নলবাৰীৰ সৰিয়হতলীৰ জিলা ক্ৰীড়া প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত হোৱা ‘বিকাশৰ বাবে এটা পষেক’ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কোৱাৰ লগতে আৰু কয় যে অসমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগুৱাই নি পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত মৰ্যাদা দিব লাগিব৷
সেয়েহে জিলাই জিলাই বিকাশ আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে হিয়া উজাৰি কাম কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া উন্নয়নৰ বাবে ৰাইজে আন্দোলন কৰিব নালাগে৷ সেয়েহে আগন্তুক তিনি বছৰত কোনো আন্দোলন, হৰতাল নকৰিবলৈ তেওঁ ৰাইজক আহ৩ান জনায়৷
তেওঁ আৰু উল্লেখ কৰে যে অসমৰ উন্নয়নৰ বাবে বিভিন্ন জিলাত আৰু ১৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কাম কৰা হ’ব৷ অহা ১২ জানুৱাৰীৰ পৰা আৰু ১৫খন জিলাক এই কাৰ্যসূচীত সামৰি লোৱা হ’ব৷ মুঠতে ৪০ হাজাৰ কোটি টকাৰ দুটা কাম এই মাহতে আৰম্ভ কৰা হ’ব৷
ইপিনে দৰিদ্ৰতা দূৰীকৰণৰ বাবেও বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে৷ অহা ১২ ডিচেম্বৰৰ পৰা অৰুণোদয়ৰ নতুন আঁচনি লোৱা হ’ব৷ আনহাতে ২৪ হাজাৰ পৰিয়ালক বিনামূলীয়া ৰেছন প্ৰদান কৰা হ’ব৷ ৰেচন থকাসকলক চিকিৎসা সেৱাৰ বাবে পাঁচ লাখ টকাৰ বিনামূলীয়া সুবিধা প্ৰদান কৰা হ’ব৷
মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে যিসকল বিধৱা মহিলাই বিধৱা পেঞ্চন লাভ কৰি আছে, তেওঁলোকক এই আঁচনি দিয়া নহয়৷ ইয়াৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি লাভ কৰিব৷ অহা ১০ এপ্ৰিলৰ পৰা বিধৱা মহিলাই মাহেকত ১২৫০ টকাকৈ লাভ কৰিব৷ ইফালে কৃষকসকলক প্ৰতি কুইণ্টল ধানৰ বাবত ২০৪০ টকাকৈ চৰকাৰীভাৱে দিয়াৰ কথাও ঘোষণা কৰে৷
ইপিনে এহেজাৰ মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নলবাৰীত নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ আৰু ৩০ হাজাৰ নিবনুৱাক দুমাহৰ ভিতৰত চাকৰি দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীৰ পৰা ধুবুৰীলৈ আৰু মেডিকেল কলেজ স্থাপন কৰা হ’ব৷
১৮ ডিচেম্বৰত ধেমাজিত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ উল্লেখযোগ্য যে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত নলবাৰী জিলাত মুঠ ৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷
এই প্ৰকল্পসমূহ হ’ল– অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নলবাৰী উদ্যান, বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় উদ্বোধন, উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ উদ্বোধন, সৰিয়হতলীৰ প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, পলিটেকনিক কেন্দ্ৰৰ বিজ্ঞানসন্মত গৱেষণাগাৰৰ আধাৰশিলা,
সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা, নলবাৰী চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কৰ্মশালা তথা বিজ্ঞানসন্মত পৰীক্ষাগাৰৰ আধাৰশিলা, গোহাঁই কমল আলিৰ পৰা এন টি পথ-বৰমুৰিকণা-বিজুলীঘাটলৈ পাগলাদিয়া নৈৰ মথাউৰি তথা পথ নিৰ্মাণৰ আধাৰশিলা, নদলা ড্ৰেইনেজ চেনেলৰ পৰা বুঢ়াদিয়া নদীলৈ মথাউৰি
তথা পথ নিৰ্মাণৰ আধাৰশিলা, নলবাৰী-পল্লা পথৰ শোলমাৰাৰ পৰা বিেŒবশ্বৰ দেৱালয় হৈ বনগাঁও-জাগাৰা পথ নিৰ্মাণৰ আধাৰশিলা, অসম মালাৰ অধীনত মুকালমুৱা-জাগাৰা-বনগাঁও পথ নিৰ্মাণৰ আধাৰশিলা আৰু নলবাৰী চহৰৰ মূল ৬ টা পথৰ উন্নীতকৰণ আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ১২ টা প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য
আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলাৰ উপায়ুক্ত গীতিমণি ফুকন, বিভিন্ন বিভাগৰ চৰকাৰী মুৰব্বী বিষয়াসকল৷
Comments