গুৱাহাটী ঃ ষ্টাফ ৰিপ’টাৰ্ৰ, ৬ ডিচেম্বৰ ঃ হিন্দু সম্প্ৰদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত ৰুজু হোৱা গোচৰসমূহ কৰিমগঞ্জলৈ স্থানান্তৰ কৰা হ’ব৷
আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহৰ সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷
প্ৰণিধানযোগ্য যে শাসক-বিৰোধী সকলোৱে ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলাৰ লগতে তেওঁ ক্ষমাৰ যোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে৷ আনকি আজমলক গ্ৰেপ্তাৰৰ দাবীত আজিও ৰাজ্যৰ বিভিন্ন স্থানত বহুজনে এজাহাৰ দাখিল কৰিছে৷
পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আজি পলাশবাৰীত আজমলক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল কৰাৰ বিপৰীতে দিছপুৰ থানাতো মহানগৰ জিলা বিজেপিয়ে এজাহাৰ দাখিল কৰিছে৷
ইফালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজমলক আঁঠুৱা তলৰ মহ বুলি অভিহিত কৰাৰ পাছতেই আজি এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে আজমলৰ বিষয়টো ইমানতে অন্ত পেলাবলৈ অনুৰোধ জনাইছে৷
আজমলক সুৰক্ষা দিবলৈ গৈ সাংবাদিকৰ আগত তেওঁ কয় যে জিভা পিছলি গৈহে আজমলে এনে মন্তব্য কৰিলে৷ যিহেতু তেওঁ ক্ষমা খুজিছে, সেয়েহে বিষয়টো ইমানতে অন্ত পেলাব লাগে৷ কিন্তু আজমল ক্ষমা খোজাৰ যোগ্য নহয় বুলি শাসকীয় বিধায়কসকলৰ লগতে কংগ্ৰেছৰ বিধায়কসকলেও মত প্ৰকাশ কৰিছে৷
আনকি আজমলক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সাংসদৰ পদ খাৰিজ কৰাৰো দাবী তোলে শাসক-বিৰোধী বিধায়কসকলে৷ মন কৰিব লগীয়া কথা যে আজি আঞ্চলিক দল অসম জাতীয় পৰিষদে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ
লগতে তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু লোক সভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে৷
Comments