পেৰিছ, ৫ ডিচেম্বৰ ঃ ভাৰতৰ প্ৰতি প্ৰেম থকা ফৰাচী লেখক ডমিনিক লেপিয়েৰৰ মৃতু্য হৈছে৷ তেওঁৰ পত্নীয়ে এই কথা জনায়¸৷ লেপিয়েৰৰ পত্নী ডমিনিক কনচন-লেপিয়েৰে দেওবাৰে ফৰাচী সংবাদপত্ৰ ভেন-মাৰ্টিনক জনায় যে ৯১ বছৰ বয়সীয়া ডমিনিক লেপিয়েৰৰ মৃতু্য হৈছে৷
১৯৩১ চনৰ ৩০ জুলাইত চেটেলেইলনত জন্ম হোৱা লেপিয়েৰে আমেৰিকাৰ লেখক লেৰি কলিন্সৰ সৈতে লিখা ছখন কিতাপৰ প্ৰায় প্ত কোটি কপি বিক্ৰী হৈছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত কিতাপখন হৈছে ‘ইজ ফেমাছ বাৰ্নিং?’ ১৯৬৫ চনত প্ৰকাশ হোৱা এই কিতাপখনত ১৯৪৪ চনত নাজি বাহিনীয়ে আত্মসমপৰ্ণ কৰিবলগীয়া ঘটনাৰাজিৰ বিষয়ে লিখা হৈছে৷
পাছত এই নন ফিকচন কিতাপখন চলচ্ছিত্ৰৰ বাবে অভিযোজনাও কৰা হৈছিল৷ কলকাতাৰ এজন ৰিক্সা টনা লোকৰ কাহিনীৰে লিখা ১৯৮৫ চনৰ ‘চিটি অব জয়’খনেও বিৰাট সফলতা লাভ কৰিছিল৷ এইখনৰ ভিত্তিতো চলচ্ছিত্ৰ নিৰ্মাণ হৈছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বিভাজনৰ বিষয়ত তেওঁ আৰু কলিন্সে লিখিছিল ‘ফ্ৰীডম এট মিডনাইট’৷
লেপিয়েৰ আৰু কলিন্সে লিখা কিতাপসমূহ হৈছে ‘অৰ আই উইল ড্ৰেছ ইউ ইন মোৰনিং’, ‘অ’ জেৰুজালেম’, , ‘দ্য ফিফথ হৰ্ছমেন’ আৰু থ্ৰিলাৰ ‘ইজ নিউয়ৰ্ক বাৰ্নিং?’ দীৰ্ঘকাল লেপিয়েৰে কলিন্সৰ ঘৰৰ ওচৰতে বাস কৰিছিল৷ তেওঁলোক দুয়োৰে ঘৰ দুটাৰ মাজত আছিল এখন টেনিছ ক’ৰ্ট৷
Comments