যোৰহাট ঃ ষ্টাফ ৰিপ’ৰ্টাৰ,৫ ডিচেম্বৰ ঃ ছমাহ ধৰি দৰমহা নোপোৱাত আজিৰে পৰা অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি পালন কৰিছে৷ অসম সাহিত্য সভাৰ ১০টা কাৰ্যালয়ত নিয়োজিত হৈ থকা ৪২গৰাকী কৰ্মচাৰীয়ে যোৱা ছমাহে দৰমহা নোপোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷
বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিৰ সময়ত ৬টা মাহে পাৰিতোষিক নোপোৱাৰ পাছতে অসম সাহিত্য সভাৰ কতৃৰ্পক্ষই কৰ্মচাৰীসকলৰ পৰিয়াল পোহপাল দিব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে সভাৰ কৰ্মচাৰীসকল৷
মাহেকীয়া দৰমহা মাহেকত প্ৰদান কৰাটো বাদেই, কেইবামাহো ধৰি পাৰিতোষিক নোপোৱাত পৰিয়াল পোহপাল দিবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা সভাৰ কাৰ্যালয়সমূহতো কৰ্মবিৰতি পালন কৰে৷
কৰ্মচাৰীসকলে অভিযোগ কৰি কয় যে সভাৰ কতৃৰ্পক্ষই কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহাৰ দুটা মাহ অনতিপলমে নিদিয়ালৈকে কৰ্মবিৰতি পালন কৰি যাব৷ প্ৰাপ্য আদায় নিদিয়ালৈকে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক, নিৰ্বাচনী কাম-কাজত কৰ্মচাৰীসকলে অসহযোগ কৰিব বুলি জনাইছে৷
আনহাতে, অসম সাহিত্য সভাৰ নাৰায়ণপুৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ পূৰ্বে কৰ্মচাৰীৰ সমুদায় অনাদায় দৰমহা প্ৰদান নকৰিলে অধিৱেশনত অসহযোগ কৰিব বুলিও জানিবলৈ দিছে৷ লক্ষণীয় যে ৰাজ্য চৰকাৰৰ পৰা সাহিত্য সভাৰ ২০২২-২৩ বৰ্ষত গ্ৰাণ্ট হিচাপে লাভ কৰা ৪০.৫০ লাখ টকাৰে কৰ্মচাৰীসকলৰ মাত্ৰ ৬মাহৰ দৰমহা দিব পাৰে৷
কিন্তু কৰ্মচাৰীসকলৰ ২০২১চনৰ পৰা দৰমহাও অনাদায় হৈ আছে৷ সেয়েহে অসম সাহিত্য সভাৰ অন্তৰ্গত মুক্ত শিক্ষা সংসদৰ পৰা সাময়িক হস্তান্তৰ কৰি ২০লাখ টকাৰে কৰ্মচাৰীসকলৰ দুমাহৰ দৰমহা দিয়াৰ সম্পৰ্কে আলোচনা হৈছে যদিও বৰ্তমান সেয়াও হৈ উঠা নাই৷
৬মাহে দৰমহা নোপোৱাত পানীত হাঁহ নচৰা হোৱা কৰ্মচাৰীসকলে সেয়েহে কৰ্মবিৰতি পালন কৰিছে৷ অসম সাহিত্য সভাৰ দৰে সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ কৰ্মচাৰীয়ে দৰমহাৰ বাবে কৰ্মবিৰতি পালন কৰিব লগীয়া হোৱাটো দুখজনক ঘটনা হিচাপে বিবেচিত হৈছে৷ উল্লেখযোগ্য যে যোৰহাটত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ এটা বিপণী আছিল যদিও কৰ্মচাৰীৰ কৰ্মবিৰতিৰ বাবে আজিৰে পৰা বন্ধ ৰাখিছে৷
Comments