লখিমপুৰ ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ডিচেম্বৰ ঃ লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ অভিযোগত এইবাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উচ্ছ বৰ্গৰ সহায়ক নন্দন বৰা৷ তেওঁৰ লগতে আৰক্ষীয়ে দেৱকৃষ্ণ দত্ত নামৰ মাটিৰ দালাল এজনকো গ্ৰেপ্তাৰ কৰে৷
উত্তৰ লখিমপুৰ চক্ৰ বিষয়াৰ এজাহাৰ মৰ্মে যোৱা নিশা আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা লীলাবাৰীৰ নন্দন বৰা আৰু লখিমপুৰ চি ডি ৰ’ডৰ দেৱকৃষ্ণ দত্তক গ্ৰেপ্তাৰ কৰে৷ নন্দন বৰাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত দেৱকৃষ্ণ দত্ত নামৰ এজন লোকৰ ভূমি পঞ্জীয়ন কৰি দিছিল৷
আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ৬৩৭/২২ ১২০B/৪২০/৪৬৮/৪৭১/৪০৯ IPC নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে৷ উল্লেখ্য যে ২০২২ চনৰ ৪ নৱেম্বৰত ভূমি পঞ্জীয়নৰ বিষয়টো চক্ৰ বিষয়াৰ দৃষ্টিগোচৰ হোৱাত উক্ত গোচৰটো বাতিল প্ৰক্ৰিয়া আৰম্ভ হয়৷
চক্ৰ বিষয়াৰ অভিযোগ মতে উক্ত পঞ্জীয়নভুক্ত গোচৰটোত স্বাক্ষৰ কৰিছিল নন্দন বৰাই নিজেই৷ এই সন্দৰ্ভত চক্ৰ বিষয়াই নন্দন বৰাৰ পৰা শুনানিৰ আহবান জনোৱাত নন্দন বৰাই বিষয়টোৰ পৰা আঁতৰি থাকে৷
ফলত চক্ৰ বিষয়াই বিষয়টো উত্তৰ লখিমপুৰ সদৰ থানাক অৱগত কৰাত যোৱা নিশা আৰক্ষীয়ে নন্দন বৰা আৰু দেৱকৃষ্ণ দত্তক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ লগে লগে মিছন বসুন্ধৰাৰ গইনা লৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত মাটিৰ নামজাৰি, মাটিৰ পট্টন আদিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ কথা পোহৰলৈ আহিছে৷
চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ অনুগ্ৰহ নহ’লে পৈতৃক ভূমিৰ অধিকাৰো পৰিয়ালৰ নামত নাথাকিব পাৰে, সেয়া এতিয়া এক সহজলভ্য ঘটনা৷ চৰকাৰে শূন্য সহনশীলতাৰ কথা ক’লেও এতিয়াও যে একাংশ দালালে নীৰৱে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালৰাজ চলাই আছে, সেয়া শেহতীয়া এই ঘটনাৱলীয়ে প্ৰমাণ কৰিলে৷
আজি এই কথা প্ৰমাণিত হয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত৷ উক্ত কাৰ্যালয়টোত এগৰাকী বৃদ্ধা মহিলাই মাটি নামজাৰি সন্দৰ্ভত তোলা অভিযোগে এনে কথা স্পষ্ট কৰি তোলে৷ ইফালে আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত চাবতি শান্তিপুৰ মিচিং গাঁৱৰ নিতেন টাইদ নামৰ লোকজনে চক্ৰ বিষয়া কাৰ্যালয়টোৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
তেওঁ অভিযোগ কৰে যে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চেৰাপভাতী মেপৰ একচনা পট্টাত মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে প্ৰায় ৬ মাহ পূৰ্বলৈকে চিঠা বহীত জিতেন টাইদ, নিতেন টাইদ আৰু অতুল টাইদৰ নাম সন্নিৱিষ্ট আছিল যদিও বিভাগীয় লাটমণ্ডল ৰাতুল দলেৰ দিনত চিঠা বহীৰ পৰা জিতেন টাইদ আৰু অতুল টাইদৰ নাম কৰ্তন কৰি সেই স্থানত হৰেন টাইদ আৰু বিজিত টাইদৰ নাম লিপিবদ্ধ কৰা হয়৷
হৰেন আৰু বিজিতৰ লগত মূলাৰাম টাইদৰ কোনো সম্পৰ্ক নাই যদিও এই ব্যক্তিদ্বয়ৰ নাম মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে ৰাজহ চক্ৰটোৰ চিঠা বহীত কেনেদৰে তেওঁলোকৰ নাম সন্নিৱিষ্ট হ’ল, তাক লৈ আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত নিতেন টাইদৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
Comments