ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ডিচেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ গাফিলতিৰ সুযোগত বিশ্ববিদ্যালয়খনৰ ছাত্ৰাৱাসত ৰেগিং কাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত থকা মূল অভিযুক্ত তথা প্ৰাক্তন ছাত্ৰ ৰাহুল চেত্ৰীয়ে আজি পুৱা প্ৰায় ৬-৩০ বজাত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷
ইয়াৰ পাছতে ডিব্ৰুগড় জিলাৰ আৰক্ষীযে ছাত্ৰজনক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ আনে৷ ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড বুলি অভিযুক্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদ্যঅপসাৰিত সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা তিনিচুকীয়াৰ সীমান্তৱত¹ অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছিল৷
বিগত দিনে আৰক্ষীৰ চকুত ধূলি দি আগতীয়া জামিনৰ বাবে অহৰহ চেষ্টা কৰি বিফল হোৱাৰ পাছত উপায়বিহীন হৈ ৰাহুলে আজি অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷
আত্মসমৰ্পণ কৰিয়েই প্ৰকাৰান্তেৰে অসম আৰক্ষীৰ কঠোৰ নীতিক দোষাৰোপ কৰি আৰক্ষীৰ এনকাউণ্টাৰৰ ভয়ত অতদিনে ধৰা দিয়া নাছিল বুলি সহানুভূতি বিচাৰি ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুলে এখন পত্ৰ লিখি দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে৷
নিজকে ধোৱা তুলসীৰ পাত সজাই একাংশ সংবাদ মাধ্যমকো দোষ দিবলৈ কুণ্ঠাবোধ নকৰা ৰাহুলৰ চতুৰালি আজি বাৰুকৈ প্ৰতিফলিত হয়৷ পত্ৰযোগে ৰেগিং কাণ্ডৰ বলি হোৱা আনন্দ শৰ্মাৰ আণ্ড আৰোগ্য কামনা কৰাৰ লগতে নিজে ঘটনাত নিৰ্দোষী বুলি দাবী কৰে৷
আজি ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুলক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱাই ৫ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰে৷ ন্যায়াধীশে তাৎক্ষণিকভাৱে আৰক্ষীৰ এই আৱেদনত সন্মতি জনায়৷ বৰ্তমান তদন্তৰ খাতিৰত সোধা-পোছাৰ বাবে আৰক্ষীয়ে ৰাহুলক ডিব্ৰুগড় সদৰ থানাৰ লকআপত ৰখাৰ ব্যৱস্থা কৰিছে৷
Comments