কোকৰাঝাৰ ঃ নিজা বাতৰি দিওঁতা, ৫ ডিচেম্বৰ ঃ বি টি আৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ চহৰৰ দুশ বিছনাযুক্ত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খনৰ দুৰৱস্থাক লৈ অলপতে বড়োলেণ্ড বিধান পৰিষদীৰ সাতজনীয়া ষ্টেণ্ডিং কমিটীৰ দলে সংবাদ মাধ্যমৰ আগত চিকিৎসালয়খনৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াৰ পাছতে আজি চিকিৎসালয়খনত আকস্মিক পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷
মন্ত্ৰী মহন্তই আজি সন্ধিয়া চিকিৎসালয়খনৰ অধীক্ষক অচিন্ত্য সুন্দৰ শৰ্মাৰ স’তে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ মন্ত্ৰীগৰাকীৰ আকস্মিক পৰিদৰ্শনত তলকিবই পৰা নাছিল বি টি চিৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই৷
ফলত পলমকৈ হ’লেও খবৰ পাই লৰালৰিকৈ কোকৰাঝাৰ চিভিল হস্পিটেলত উপস্থিত হয় থৰকাছুটি হেৰুওৱা অৰূপ কুমাৰ দে’ই৷ বি টি চিৰ সাতজনীয়া ষ্টেণ্ডিং কমিটীয়ে বি টি চিৰ স্বাস্থ্য বিভাগৰ দায়িত্বৰত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ পৰিচালনাকে জগৰীয়া কৰি মুকলি অসন্তুষ্টি জাহিৰ কৰিছিল৷
ইফালে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত অকপটে চিকিৎসালয়খনৰ সমস্যাৰ কথাটো স্বীকাৰ কৰি সমস্যাবোৰ সমাধানৰ নিৰ্দেশ দিয়াৰ কথা সদৰী কৰে৷
তেওঁ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ৰ দুই-এক অভিযোগ গুৱাহাটীতে অৱগত হোৱা বুলি ব্যক্ত কৰি এই সংক্ৰান্তত বড়োলেণ্ড বিধান পৰিষদয়ৰ ষ্টেণ্ডিং কমিটীৰ পৰা কোনো প্ৰতিবেদন নোপোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
বিশেষকৈ বি টি চিৰ স্বাস্থ্য বিভাগৰ চিকিৎসককে ধৰি খালী হোৱা পদৰ ক্ষেত্ৰত কিছু আইনৰ বিধি আহি পৰা বুলি সদৰী কৰি কয় যে কিছুমান খালী পদত পদোন্নতি হ’বলৈ এটা পদত দুবছৰ চাকৰি কৰাৰ অভিজ্ঞতা লাগে৷
তেনেক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেটত দুবছৰৰ ঠাইত এবছৰ কাৰ্যকৰী হ’লে এই সকলো পদোন্নতিৰ সমস্যা অহা ১০/১৫ দিনৰ ভিতৰত সমাধান ঘটিব বুলি আশা ব্যক্ত কৰে৷ লগতে অসম চৰকাৰে বিজ্ঞাপনৰ দ্বাৰা চিকিৎসকৰ পৰা আৱেদন বিচাৰিছে আৰু ইতিমধ্যে ১৪০০ প্ৰাৰ্থীৰ আৱেদন- পত্ৰ লাভ কৰা বুলি জানিবলৈ দিয়ে৷
আনহাতে অহা জানুৱাৰীৰ ভিতৰত পাঁচ শতাধিক চিকিৎসকক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে৷ উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি পোনপ্ৰথমে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী বেছৰগাঁৱত নিৰ্মীয়মাণ মেডিকেল কলেজৰ কাম-কাজো তন্নতন্নকৈ বুজ লয়৷
তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিৰ্মীয়মাণ কোকৰাঝাৰ মেডিকেল কলেজৰ অনুমোদন বিচাৰি এন এম চিত আৱেদন কৰাৰ কথা জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত যিকোনো মুহূৰ্তত এন এম চিৰ টীমে পৰিদৰ্শন কৰিব পাৰে৷ সেয়ে কোকৰাঝাৰ মেডিকেল কলেজৰ অগ্ৰগতিৰ প্ৰস্তুতিৰ তদাৰক কৰিবলৈকে পৰিদৰ্শন কৰাৰ কথা ব্যক্ত কৰে৷
Comments