বঙাইগাঁও ঃ নিজা বাতৰি দিওঁতা, ৫ ডিচেম্বৰ ঃ বঙাইগাঁৱত আজি ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক এক অভিলাষী কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ছটা প্ৰকল্পৰ আধাৰশিলা আৰু দুটা প্ৰকল্পৰ শুভ উদ্বোধন কৰে ডিজিটেল মাধ্যমেৰে৷
ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি তথা প্ৰকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰি এই উপলক্ষে আয়োজিত এক বিশাল জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ উত্তৰ বঙাইগাঁৱত থকা বঙাইগাঁও ষ্টেডিয়ামত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অহা ১৯ ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ত ১১ খন জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷
আজি বঙাইগাঁও জিলাখনত ৬১০.৬৭ কোটি [ছশ দহ কোটি সাতষষ্ঠি লাখ] টকা ব্যয় সাপেক্ষ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ একেদৰে ৬.২৫ কোটি [ছয় কোটি পঁচিশ লাখ] টকা ব্যয় সাপেক্ষে বঙাইগাঁও ৱাকিং জ’নৰ সম্পূৰ্ণ নিৰ্মাণ
আৰু ৱাকিং জ’নতে ভূমিপুত্ৰ কোঁচ-ৰাজবংশীসকলৰ গৌৰৱময় ধবজা বহনকাৰী মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰো ডিজিটেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰে৷ তদুপৰি বিভিন্ন বিভাগৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়ৰ লগতে একেটা চৌহদতে জেলকাঝাৰত নিৰ্মাণ কৰিবলৈ লোৱা ৪৯ কোটি ৭৮ লাখ ৭৮ হাজাৰ টকা ব্যয়সাপেক্ষ সংহত উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে ডিজিটেল মাধ্যমেৰে কৰে৷
আনহাতে ৫ কোটি ৩ লাখ ৬৪ হাজাৰ টকা ব্যয়সাপেক্ষ বঙাইগাঁও পলিটেকনিক আৰু বঙাইগাঁও ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰ আধাৰশিলা স্থাপন কাৰ্যসূচীও সম্পন্ন কৰে৷
বঙাইগাঁৱত প্ৰস্তাৱিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বঙাইগাঁৱৰ বাবে সভাকক্ষ তথা সন্মিলন ভৱনৰ আধাৰশিলা স্থাপন আদি একাধিক কাৰ্যসূচীও সম্পন্ন কৰে মুখ্যমন্ত্ৰীয়ে৷
জিলাখনৰ সৃজনগ্ৰামত চাৰি কোটি ঊনচল্লিশ লাখ চাপন্ন হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা আদৰ্শ চিকিৎসালয় আৰু ৫০ লাখ টকা ব্যয়েৰে নিৰ্মাণ সম্পন্ন কৰা অভয়াপুৰীৰ লালমাটি দুৰামাৰীস্থিত ঐতিহাসিক গণেশ মন্দিৰ চৌহদত ভোগ গৃহ আৰু অতিথিশালাৰো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷
তেওঁ আবেলি জিলাখনৰ যোগীঘোপাৰ কাবাইটাৰীৰ মাদ্ৰাছা পৰিদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে সৃজনগ্ৰামত ৰঘুনাথ বিগ্ৰৰ সত্ৰত উপস্থিত হৈ পৰিদৰ্শন কৰে আৰু অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ৰবীন বণিক্যৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ খা-খবৰ লয়৷
মুখ্যমন্ত্ৰীয়ে আজি ভাষণত কয় যে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ দ্বাৰা দেশৰ শ্ৰেষ্ঠ প্তখন ৰাজ্যৰ ভিতৰত অসমৰ নামো সন্নিৱিষ্ট কৰিবলৈ বিচৰা হৈছে৷ আন আন জিলাৰ লগতে বঙাইগাঁও জিলাতো এই উন্নয়নমূলক কামসমূহ হাতত লোৱা হৈছে৷
তেওঁ কয় যে অসমত যদি ৫ বছৰ কোনো বন্ধ, ধৰ্ণা, ধৰ্মঘট নাথাকে, তেন্তে এইখন অসম বহু ডাঙৰ অসমত ৰূপান্তৰ হ’ব আৰু আগবাঢ়ি যাব৷
Comments