নতুন দিল্লী, ৫ ডিচেম্বৰ ঃ আজি গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়৷ আজি গুজৰাট বিধানসভাৰ ৯৩খন আসনৰ বাবে ভোটগ্ৰহণ হয়৷ ভোটদানৰ হাৰ আছিল ৫৯.৪ শতাংশ৷
গুজৰাটত ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে বিভিন্ন সংবাদ আৰু সমীক্ষা সংস্থাই গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ দিনা ১২ নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা গুজৰাটৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা [৫ ডিচেম্বৰ]ৰ সন্ধিয়া ৫ বজালৈ নিৰ্বাচন আয়োগে নিৰ্বাচনী সমীক্ষা প্ৰকাশ নিষিদ্ধ কৰি থৈছিল৷
আজি প্ৰকাশ পোৱা ৰিপাব্লিক টিভি-পি মাৰ্কৰ সমীক্ষা মতে গুজৰাটত মুঠ ১৮২খন আসনৰ বিজেপিয়ে ১২৮-১৪৮, কংগ্ৰেছে ৩০-৪২, আপে ২-১০ আৰু অন্যান্যই ০-৩খন আসন পাব৷ এই সমীক্ষাৰ মতে ভোটৰ অংশ হ’ব বিজেপি ৪৮.২ শতাংশ, কংগ্ৰেছৰ ৩২.৫ শতাংশ, আপৰ ১৫.৪ শতাংশ
আৰু অন্যান্যৰ ৩.৮ শতাংশ৷ টি ভি ৯-ৰ মতে গুজৰাটত বিজেপিয়ে ১২৫-১৩০খন, কংগ্ৰেছে ৪০-৫০খন, আপে ৩-৫খন আৰু অন্যান্যই ৩-৮খন আসন লাভ কৰিব৷ নিউজ এক্স-জন কী বাতৰ সমীক্ষা মতে, বিজেপিয়ে ১১৭-১৪০খন, কংগ্ৰেছে ৩৪-৫১খন, আপে ৬-১৩খন
আৰু অন্যান্যই ১-২খন আসন লাভ কৰিব৷ টাইমছ নাও- ইটিজিৰ সমীক্ষা মতে বিজেপিয়ে ১৩৫-১৪০খন, কংগ্ৰেছে ২৪-৩৪খন, আপে ৬-১০খন আৰু অন্যান্যই ১-৪খন আসন লাভ কৰিব৷
ইণ্ডিয়া টুডে’- এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা মতে বিজেপিয়ে ১২৯-১৫১খন, কংগ্ৰেছে ১৬-৩০খন, আপে ১৬-৩০খন আৰু অন্যান্যই ২-৬খন আসন লাভ কৰিব৷ এ বি পি- চি ভোটাৰ সমীক্ষা মতে বিজেপিয়ে ১২৮-১৪০খন, কংগ্ৰেছে ৩১-৪৩খন, আপ ৩-১১খন আৰু অন্যান্যই ২-৬খন আসন লাভ কৰিব৷
ইণ্ডিয়া টি ভি-মেট্ৰিজৰ সমীক্ষা মতে, বিজেপিয়ে ১১২-১২১খন, কংগ্ৰেছে ৫১-৬১খন, আপে ৪-৮খন আৰু অন্যান্যই ১-৩খন আসন লাভ কৰিব৷
নিউজ ২৪-টুডে’জ চাণক্যৰ সমীক্ষা মতে, বিজেপিয়ে ১৫০খন, কংগ্ৰেছে ১৯খন, আপে ১১খন আৰু অন্যান্যই ২খন আসন লাভ কৰিব৷ জি নিউজ- বাৰ্কৰ সমীক্ষা মতে, বিজেপিয়ে ১১০-১২৫খন, কংগ্ৰেছে ৪৫-৬০খন, আপে ১-৫খন আৰু অন্যান্যই ০-৪খন আসন লাভ কৰিব৷
ইফালে হিমাচল প্ৰদেশৰ ক্ষেত্ৰত ৰিপাব্লিক টিভি- পি মাৰ্কৰ সমীক্ষা মতে, ৰাজ্যখনৰ মুঠ ৬৮খন আসনৰ ভিতৰত ৩৪-৩৯খন লাভ কৰিব বিজেপিয়ে,কংগ্ৰেছে লাভ কৰিব ২৮-৩০খন আসন, অন্যান্যই ১-২খন আৰু আপৰ শূন্য৷
নিউজ এক্স-জন কী বাতৰ সমীক্ষা মতে, ৰাজ্যখনত বিজেপিয়ে ৩২-৪০খন, কংগ্ৰেছে ২৭-৩৪খন, আপে এখন আৰু অন্যান্যই ১-২খন আসন৷ জি নিউজ- বাৰ্কৰ সমীক্ষা মতে বিজেপিয়ে ৩৫-৪০খন, কংগ্ৰেছে ২০-২৫খন, আপে ০-৩খন আৰু অন্যান্যই ১-৫খন আসন লাভ কৰিব৷
ইণ্ডিয়া টুডে’- এক্সিছ মাই ইণ্ডিয়াৰ সমীক্ষা মতে বিজেপিয়ে ২৪-৩৪খন, কংগ্ৰেছে ৩০-৪০খন আৰু অন্যান্যই ৪-৮খন আসন লাভ কৰিব৷
টাইমছ নাও- ইটিজিৰ সমীক্ষা মতে বিজেপিয়ে ৩৪-৪২খন, কংগ্ৰেছে ২৪-৩২খন আৰু অন্যান্যই ১-৩খন আসন লাভ কৰিব৷ টিভি ৯-ৰ সমীক্ষা মতে বিজেপিয়ে ৩৩খন, কংগ্ৰেছে ৩১খন আৰু অন্যান্যই ৪খন আসন লাভ কৰিব৷
ইণ্ডিয়া টিভি- মেট্ৰিজৰ সমীক্ষা মতে বিজেপিয়ে ৩৫-৪০খন, কংগ্ৰেছে ২৬-৩১খন আৰু অন্যান্যই ০-৩খন আসন লাভ কৰিব৷ নিউজ ২৪- টুডে’জ চাণক্যৰ সমীক্ষা মতে বিজেপিয়ে ৩৩খন, কংগ্ৰেছে ৩৩খন আৰু অন্যান্যই ২খন আসন লাভ কৰিব৷ এবি পি নিউজ -চি ভোটাৰৰ সমীক্ষা মতে বিজেপিয়ে ৩৩-৪১খন, কংগ্ৰেছে ২৪-৩২খন আৰু অন্যান্যই ০-৪খন আসন লাভ কৰিব৷
আনহাতে এই সমীক্ষাসমূহৰ পাছত এন ডি টি ভিয়ে প’ল অব্ এগজিট প’ল প্ৰকাশ কৰে৷ এই প’ল অব্ এগজিট প’লৰ মতে গুজৰাটত একেৰাহে সাতবাৰৰ বাবে বিজেপিৰ চৰকাৰ হ’ব৷ আনহাতে হিমাচলতো পুনৰ বিজেপিৰ চৰকাৰ হ’ব৷ এই প’ল অব্ এগজিট প’লৰ মতে গুজৰাটৰ ১৮২খন আসনৰ ভিতৰত বিজেপিয়ে ১৩২খন
আৰু হিমাচল প্ৰদেশত ৬৮খন আসনৰ ভিতৰত ৩৫খন আসন লাভ কৰিব৷ উল্লেখযোগ্য যে হিমাচল প্ৰদেশত ১২ নৱেম্বৰত তথা¸ গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷ দুয়োখন ৰাজ্যৰ ভোট গণনা হ’ব ৮ ডিচেম্বৰত৷
Comments