গুৱাহাটী, ৬ ডিচেম্বৰঃ শেহতীয়াকৈ এটা খবৰ ওলাইছিল যে, হেৰা ফেৰী ৩ ত হেনো অক্ষয় কুমাৰে অভিনয় নকৰে, এই খবৰে অনুৰাগীসকলৰ লগতে অক্ষয়ৰ চিনেমা চাই ভাল পোৱা লোকসকল বাৰুকৈয়ে হতবাক হৈ পৰিছিল। বলীউডৰ খিলাড়ীৰ অক্ষয়ৰ অনুৰাগীসকলে তেওঁৰ পৰিৱৰ্তে এই ছবিখনত কাৰ্তিক আৰিয়ানৰ প্ৰৱেশত বৰ সুখী হোৱা নাছিল। এই বিষয়ৰ ওপৰত সামাজিক মাধ্যমত যথেষ্ট হুলস্থুল হৈছিল। হেৰা ফেৰীৰ অনুৰাগীসকলেও অক্ষয়ক কাষ্ট কৰিবলৈ সামাজিক মাধ্যমত বহুতো হেচটেগ আৰম্ভ কৰিছিল। কিন্তু এতিয়া হয়টো অনুৰাগীৰ দাবীত ফিৰোজ এ. নাদিয়াদৱালাই ৰাজুৰ চৰিত্ৰটোৰ বাবে অক্ষয় কুমাৰৰ সৈতে আকৌ এবাৰ কথা পাতিছে। এইটো খবৰ পোৱা গৈছে যে ফিৰোজ আৰু অক্ষয়ে বিগত ১০ দিনত বহুবাৰ লগ পাই বাৰ্তালাপ কৰিছে।
ফিৰোজে উপলব্ধি কৰিছে যে হেৰা ফেৰী ৩ ত মূল তিনিওজন অভিনেতা থকাটো সাধাৰণ ৰাইজৰ বাবে কিমান গুৰুত্বপূৰ্ণ। বহুলোকে বিশ্বাস কৰে যে অক্ষয় কুমাৰৰ অবিহনে হেৰা ফেৰী নিৰ্মাণ কৰিব নোৱাৰি। চিনেমা প্ৰেমীসকলে সঁচাকৈয়ে হেৰা ফেৰী ৩ ত ৰাজুৰ চৰিত্ৰটো ভাল পায়। সেইকাৰণে অক্ষয় কুমাৰেও ফিৰোজৰ সৈতে সহযোগিতা কৰাটো ভাল বুলি ভাবিছে।
বৰ্তমান, অক্ষয় আৰু ফিৰোজে একেলগে হেৰা ফেৰী ৩ ৰ সকলো দিশৰ ওপৰত সিদ্ধান্ত ল'ব। যদি সকলো ঠিকে থাকে, অনুৰাগীসকলে অক্ষয় কুমাৰক হেৰা ফেৰী ৩-ত পুনৰ চাবলৈ সুযোগ পাব। এই চলচ্চিত্ৰখনত, অক্ষয় কুমাৰ, সুনীল চেট্টী আৰু পৰেশ ৰাৱালৰ অভিনয় সঁচাকৈয়ে যথেষ্ট আমোদজনক আছিল।
Comments