গুৱাহাটী, ৬ ডিচেম্বৰঃ বৰ্তমানৰ সময়ত মানুহে বহুতো মাধ্যমৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে। শেহতীয়া তথ্য অনুসৰি, বৰ্তমানৰ সময়তো এছএমএছৰ জৰিয়তে বাৰ্তা প্ৰেৰণ আৰু প্ৰাপ্ত কৰা হয়। কিন্তু, কমসংখ্যক লোকেহে জানে যে পৃথিৱীৰ প্ৰথমটো বাৰ্তা (এছএমএছ) কেতিয়া প্ৰেৰণ কৰা হৈছিল আৰু কোনে ইয়াক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। বিশেষ প্ৰতিবেদন অনুসৰি, বিশ্বৰ প্ৰথম বাৰ্তাটো ১৯৯২ চনৰ ৩ ডিচেম্বৰত খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই প্ৰেৰণ কৰা হৈছিল।
য'ত লিখা আছিল 'মেৰী খ্ৰীষ্টমাছ' (Merry Christmas)আৰু এই ১৫-বৰ্ণৰ চুটি বাৰ্তাটো (এছএমএছ) ভোডাফোনৰ নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল। বিশ্বৰ এই প্ৰথম পাঠ বাৰ্তাটো ভোডাফোনৰ অভিযন্তা নীল পাপৱৰ্থে কম্পিউটাৰৰ পৰা তেওঁৰ আন অংশীদাৰ ৰিচাৰ্ড জাৰ্ভিছলৈ প্ৰেৰণ কৰিছিল, যি কোম্পানীটোৰ সঞ্চালক আছিল। এই এছএমএছটো অৰ্বিটেল ৯০১ হেণ্ডছেটত ৰিচাৰ্ডলৈ প্ৰেৰণ কৰা হৈছিল।
Comments