Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ বিখ্যাত ৰেপাৰ তথা কিম কাৰ্দাচিয়ানৰ প্ৰাক্তন স্বামী কেনে ৱেষ্ট আৰু টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী ইলন মাস্কৰ সামাজিক মাধ্যমত চলি থকা যুঁজখনে তীব্ৰতৰ ৰূপ লৈছে। কিয়নো, কেনে ৱেষ্টে ইলনক আধা চীনা ব্যক্তি বুলি উপহাস কৰিছে।
আমেৰিকান ৰেপাৰ কেনেয়ে সোমবাৰে ইনষ্টাগ্ৰামত লিখিছে যে, "মই একমাত্ৰ নেকি যিয়ে ভাবে যে ইলন মাস্ক দেখিবলৈ আধা চীনাৰ দৰে? আপোনালোকে কেতিয়াবা তেওঁৰ শৈশৱৰ ছবি দেখিছে নে? এজন চীনা ব্যক্তি আৰু এজন চাউথ আফ্ৰিকাৰ চুপাৰ মডেলৰ সৈতে সংমিশ্রণ হৈ ওলোৱা মানুহজনে হৈছে আমাৰ ইলন মাস্ক।"
Comments