Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ মেঘালয় আৰক্ষীৰ এণ্টি নাৰ্কোটিক টাস্ক ফ'ৰ্চে (এএনটিএফ) দেওবাৰে পশ্চিম গাৰো পাহাৰ জিলাত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে তিনিজনক আটক কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী দলটোৱে উক্ত ঠাইৰ পৰা বিস্ফোৰক সামগ্রী, ৯৮ টা নিটকন ১০ টেবলেট, ৮৪৮ ট্ৰামাডল হাইড্ৰক্লৰাইড এচিটামিনোফেন আৰু ডিচাইক্লোমাইন হাইড্ৰক্লৰাইড কেপচুল, ৩ টা ম'বাইল ফোন, ১ টা ক'লা এয়াৰ পিষ্টল, ১ টা লাইভ শ্বটগান কাৰ্ট্ৰিজ সহ এএছ-০১-একে-৬৫৯ পঞ্জীয়ন নম্বৰৰ এখন বীহন দব্দ কৰে।
ইপিনে, আৰক্ষীয়ে আটক কৰা লোককেইজন ৰংগাম মাৰাক, চাকৱান চি চাংমা আৰু কনৰাড কে মাৰাক বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান এটা গোচৰ ৰুজু কৰি আৰু আৰক্ষীয়ে তদন্ত চলাই আছে।
Comments