Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ ৰাজ্য জোকাৰি যোৱা পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰে জড়িত এজনক মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। দিন-দূপৰতে সংঘটিত এই হত্যাকাণ্ডত মহানগৰ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰিও দীৰ্ঘদিন ধৰি ক্লু উলিয়াবলৈ সক্ষম হোৱা নাছিল। অৱশেষত যোৱানিশা মৰিগাঁওৰ পৰা আমিৰ আলী নামৰ এজন লোকক সন্দেহৰ আৱৰ্তত মহানগৰ আৰক্ষীয়ে আটক কৰি নিজৰ জিম্মাত লৈছে।
নিশা মৰিগাঁওৰ শহুৰেকৰ ঘৰৰ পৰা আটক কৰা আমিৰ আলীক আৰক্ষীয়ে বৰ্তমান সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আৰক্ষীয়ে এইপৰ্যন্ত আমিৰক জেৰা চলোৱা স্থান গোপনে ৰাখিছে।
Comments