Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ সোণাৰী সদৰ থানাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। য'ত মঙলবাৰে পুৱা ৯-২০ মিনিটত এজন আৰক্ষী কনিষ্টবলে আন এজন সতীৰ্থক গুলিচালনা কৰে। সতীৰ্থ দীপক কাকতিৰ গুলীত নিহত হোৱা আৰক্ষী জোৱানজন গকুল বসুমতাৰী বুলি জানিব পৰা গৈছে।
ঘটনা অনুসৰি, সোণাৰি থানাৰ ভিতৰতে অভিযুক্ত কনিষ্টবল দীপক কাকতি নামৰ আৰক্ষীজনে গকুল বসুমতাৰীৰ ওপৰত তিনি জাঁই গুলীচালনা কৰে। ইয়াৰ এটা গুলী গকুল বসুমতাৰীৰ ডিঙিত আৰু আন এটা ভৰিত লাগে। পৰৱৰ্তী সময়ত গুলিবিদ্ধ বসুমতাৰীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বৰ্তমান আৰক্ষীয়ে সোণাৰি থানাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখিছে আৰু পৰৱৰ্তী তদন্ত চলাই আছে।
Comments