গুৱাহাটী,৬ ডিচেম্বৰ:সোমবাৰে নিশা ৰাষ্ট্ৰপতি ভৱনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ সৰ্বসন্মতিক্ৰমে জি-২০ সন্মিলনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । জি-২০ সন্মিলনত ব্যক্তিগত তথা কোনো দলৰ দলীয় ইচ্ছাতকৈ দেশৰ সমস্যাক অগ্ৰাধিকাৰ দিয়াৰ বাবে ৰাজনৈতিক দলৰ নেতা সমূহে একেমুখে আহ্বান জনায় ।
তিনিদিনীয়া দিল্লী ভ্ৰমণৰ সূচী হাতত লৈ কালি বিয়লি ৰাজধানীত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ইয়াৰ পিছত তেওঁ ৰাষ্ট্রপতি ভৱনত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ভাৰতে জি-২০ৰ সভাপতিত্ব কৰাৰ লৈ বিশ্বৰ জনগণ যথেষ্ট আশাবাদী । সেইবাবে এই সুযোগ যিমান পাৰি ভাৰতক ব্যৱহাৰ কৰাৰ বাবে মমতা বন্দ্যোপাধ্যায়ে আহ্বান জনায় । ইফালে বৰ্তমানৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে ২০খন দেশে এই কাউন্সিলৰ অধ্যক্ষ হোৱাৰ সুযোগ লাভ কৰে। এয়া কোনো বিশেষ চৰকাৰ বা ৰাজ্যৰ নেতা বা ব্যক্তিৰ সফলতা নহয়। সেইবাবে সকলোৱে মিলি ইয়াক সফল কৰাৰ বাবে কাম কৰিব লাগে ।
Comments