গুৱাহাটী,৬ ডিচেম্বৰ:তেলেগু ছবি জগতৰ ছুপাৰষ্টাৰ বিজয় ছেঠুপাঠীৰ পৰৱৰ্তী ছবি বিধুথালাইৰ ছেটত ঘটিল অঘটন । চেন্নাইত হৈ থকা ষ্টাণ্টৰ শ্বুটিঙৰ সময়ত দূৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'লে এজন ষ্টাণ্টমেনে । ২০ ফুট উচ্চতাৰ পৰা মাটিত পৰিল এছ সুৰেশ নামৰ এজন ষ্টাণ্টমেন । ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱশেষত মৃত্যুক সাৱটি লয় ষ্টাণ্টমেনজনে ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ।সুৰেশে বিগত ৩০ বছৰে ৰূপালী পৰ্দাত ষ্টাণ্ট কৰি আহিছে। দূৰ্ঘটনা সংঘটিত হোৱা শ্বটটোত তেওঁক ক্ৰেনৰ সহায়ত ৰছীৰে বান্ধি দিয়া হৈছিল আৰু এখন অস্থায়ী দলঙত আবদ্ধ হৈ থকা ৰে’লৰ ওপৰেৰে দৌৰিব দিয়া হৈছিল । কিন্তু ষ্টাণ্টটো কৰিবলৈ জপিয়াই পৰাৰ লগে লগে হঠাতে তেওঁৰ ৰছীডাল ফাটি গ’ল আৰু ২০ ফুট উচ্চতাৰ পৰা পোনে পোনে মাটিত পৰিল এছ সুৰেশ। ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত বুলি ঘোষণা কৰা হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।
Comments