গুৱাহাটী,৬ ডিচেম্বৰ:প্ৰতি বছৰৰ দৰে এইবাৰো গোৱাত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। চলচ্চিত্ৰ মহোৎসৱৰ অন্তিম দিনা ইজৰাইলৰ পৰিচালক নাদৱ লাপিদৰ মন্তব্যক লৈ তোলপাৰ লাগিচিল বলীউডত । লেপিডে মন্তব্য কৰিছিল যে দ্য কাশ্মীৰ ফাইলছ এখন অপপ্ৰচাৰ মূলক আৰু অশ্লীল ছবি। তাৰ পৰাই আৰম্ভ হ’ল বিতৰ্কৰ । লাপিদৰ এই মন্তব্যৰ বিৰোধিতা কৰিছিল অনুপম খেৰৰ পৰা আৰম্ভ কৰি ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূতলৈকে । এইবাৰ ই এফ আইৰ তিনিজন জুৰী সদস্যই লেপিডৰ সমৰ্থনত মুখ মেলিলে ।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা জুৰী ব’ৰ্ডৰ তিনিজন সদস্য – জিংকো গ’টোহ, পাস্কেল চাভান্স, জেভিয়াৰ এংগুলো বাৰ্টুৰেনে টুইটাৰত এক বিবৃতি প্ৰকাশ কৰে। য’ত লিখা আছে যে জুৰীৰ মুৰব্বী লেপিডে কোৱাৰ দৰে জুৰীৰ সদস্যসকলে সকলোৱে তেওঁক সমৰ্থন কৰিছিল। কিছুদিন পূৰ্বে ই এফ আইৰ জুৰীৰ অন্যতম সদস্য সুদীপ্ত সেনে ইজৰাইলৰ সঞ্চালকগৰাকীৰ মন্তব্য ব্যক্তিগত বুলি কৈছিল। ঘটনাৰ পিছতো পৰিচালকগৰাকীয়ে কয় যে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কৰা অন্যায়ক তেওঁ অস্বীকাৰ কৰা নাই। তেওঁ সেই মন্তব্য কেৱল চিনেমাখনৰ উত্থাপিত ভংগিমাক লৈহে কৰিছিল। তেওঁৰ মতে এই ট্ৰেজেডীক লৈ অধিক গুৰুতৰ চিনেমা এখন হ’ব লাগে ।
Comments