গুৱাহাটী,৬ ডিচেম্বৰ:ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ক্ৰ’ৱেচিয়াই ৷ সোমবাৰে নক্ আউট পৰ্যায়ৰ এখন খেলত পেনাল্টি শ্বুট আউটৰ দ্বাৰা জাপানৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াই ৩-১ গ’লত জয়লাভ কৰে ৷ গ’লৰক্ষক ডমিনিক লিভাকোভিচে তিনিটা পেনাল্টি কিক ৰক্ষা কৰি ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
চাৰি বছৰৰ আগতে ৰাছিয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰোঁতে ক্ৰ’ৱেচিয়াক নক্ আউট পৰ্যায়ত প্ৰতিটো ৰাউণ্ডতে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল ৷ লগতে দুখনকৈ খেলত পেনাল্টি শ্বুট আউটৰ জৰিয়তে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে । এইবাৰো ক্ৰ’ৱেচিয়াক সহায় কৰিলে পেনাল্টি শ্বুট আউটে ৷ কালিৰ খেলখনত অতিৰিক্ত সময়ত জাপান আৰু ক্ৰ’ৱেচিয়া দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে । ফলত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয় ৷
Comments