গুৱাহাটী,৬ ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰকীয় ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ সমৰ্থনত আনুষ্ঠানিক আত্মপ্রকাশ ঘটাইছে ছাত্র মুক্তি সংগ্রাম সমিতিয়ে। বৰ্বৰ আৰু ঘৃণনীয় কাণ্ডত অভিযুক্ত নিজৰ নেতাগৰাকীক সুৰক্ষা প্ৰদান কৰিবলৈ গৈ কালি পুৱা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে ছাত্র সংগঠনটোৱে ৰাজহুৱা কৰা মন্তব্যই সচেতন মহলক আচম্বিত কৰি তোলাই নহয়, বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে । অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণৰ পিছতে যোৰহাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে জাতীয় যুব বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠন দুটাই এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰে কয় যে ৰাহুল চেত্ৰীক ভিলেইন সজাই এনকাউন্টাৰ কৰাৰ আশংকা কৰা হৈছে। ৰাহুলে আত্মসমৰ্পণ কৰা নাই, আত্মপ্রকাশ কৰিছে বুলি উল্লেখ কৰে সংগঠনটোৰ নেতাগৰাকীয়ে আৰু কয় যে ৰাহুলে আইনী সহায় ল'বৰ বাবেহে ইমান দিনে পলাই আছিল। ভাৰতৰ আইন ব্যৱস্থা আছে।
আইনৰ ওচৰত তেওঁলোক বিশ্বাসী বুলি কোৱাৰ লগতে ৰাহুলে তদন্তৰ সহায়-সহযোগিতা কৰিব। তদন্ত হ'লেই সমগ্ৰ বিষয়টো ওলাই পৰিব বুলি মানস কোঁৱৰে আশা প্রকাশ কৰে। ইফালে, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে সমগ্ৰ ঘটনাত নিৰপেক্ষ তদন্ত বিচাৰি উল্লেখ কৰে যে ৰাহুলক পৰিকল্পিতভাৱে এই ঘটনাত সাঙোৰ খোৱাই দিয়া হৈছে। এই ক্ষেত্ৰত আইনে ৰাহুল চেত্ৰীক ন্যায় প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ঘৃণনীয় কাণ্ডৰ লগত জড়িত বুলি স্পষ্ট প্ৰমাণ থকাৰ পিছতো নিজৰ কলংকৃত নেতাৰ সুৰক্ষাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰা এনে ভূমিকা সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।
Comments