গুৱাহাটী,৬ ডিচেম্বৰ:লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৪ ডিচেম্বৰত সম্পন্ন হৈছে। যোৱা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত লখিমপুৰ জিলা ক্রীড়া সন্থাৰ বিশেষ সাধৰণ সভাই দায়িত্ব দিয়া ৰিটার্নিং বিষয়া প্লাৱন তামুলীফুকনৰ পৰিচালনাত অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষকদ্বয় অৰুণজ্যোতি মৰাণ আৰু হীৰেন গগৈৰ উপস্থিতিত লখিমপুৰ কমাৰ্চ কলেজৰ সভাগৃহত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সফলতাৰে সমাপ্ত হয়।
সভাপতি পদত বিধায়ক মানৱ ডেকা, সাধাৰণ সম্পাদক পদত ভৱ গগৈ, কাৰ্যকৰী সভাপতি পদত লতিফুল অহমেদ হুছেইন চাৰিজন উপ-সভাপতিকে ধৰি বেডমিন্টন, কাবাদী, ভলীবল সম্পাদক বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছত কালি সহাকাৰী সম্পাদক, ফুটবল সম্পাদক, টেবুল টেনিছ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনত সহকাৰী সম্পাদক হিচাপে দীপাংকৰ তামুলীফুকন আৰু সঞ্জীৱ দুৱৰা, ফুটবল সম্পাদক হিচাপে দীপু বৰা আৰু টেবুল টেনিছ সম্পাদক পদত নয়নমণি চেলং বিজয়ী হয়।
Comments