নলবাৰী, ৬ ডিচেম্বৰঃ "বিকাশৰ দিশে এপষেক" কাৰ্যসূচীৰে মঙলবাৰে নলবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ জিলা ক্ৰীড়া প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত অনুমোদিত ৬৭৮.৪৩ কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৯,৪৫,২৩৩ কোটি টকা ব্যয় সাপেক্ষে উপায়ুক্ত কাৰ্যালয়ৰ পাঁচ মহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে।
ইপিনে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান উন্নয়নৰ বাবে ৫ কোটি ৩ লাখ টকা ধার্য্য কৰা হৈছে। সেইদৰে সৰিয়হঁতলীৰ প্ৰস্তাৱিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫১,৪৪,৫৬৪ কোটি টকাৰ অনুমোদিত ধনেৰে আধাৰশিলা স্থাপন কৰে। ধৰ্মপুৰ সমষ্টিত নলবাৰী-পল্লা ৰোড (শ'লমাৰা-বনগাঁও-জাগাৰা-বিল্বেশ্বৰ দেৱালয় হৈ) পথ উন্নত কৰাৰ বাবে আধাৰশিলা স্থাপন কৰে। মুকালমুৱা-জাগাৰা-বন গাঁও পথ নিৰ্মাণৰ বাবে ধার্য্য কৰা ১৯৮৮১.২৮ কোটি টকাৰ আধাৰশিলাও স্থাপন কৰা হয়। ইফালে নলবাৰী নগৰত নলা-নৰ্দমা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।
আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগত মন্ত্ৰী অজন্তা নেওগ, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মন্ত্ৰী ৰঞ্জিত দাস, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ২০১২ চনৰ ২১ মে'ত তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই তাৰকাগৃহৰ শিলান্যাশ কৰিছিল। এই তাৰকাগৃহটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ হ'ব।
Comments