Cartoon
View Older
গুৱাহাটী, ৬ ডিচেম্বৰঃ মঙলবাৰে এজন টেক্সি চালকে জম্মু-কাশ্মীৰৰ পহেলগাম ৰিজৰ্টৰ এজন পৰ্যটকক ১০ লাখ টকাৰ সোণ ঘূৰাই দিয়ে। পহেলগাম টেক্সি ষ্টেণ্ডৰ সভাপতিজনে এই ঘটনা সন্দৰ্ভত কৈছে যে, "পৰ্যটক ৰিজৰ্টৰ টেক্সি চালক আকাশ ফাৰুক ৱানিয়ে হায়দৰাবাদৰ এজন পৰ্যটকক ১০ লাখ টকাৰ সোণ ঘূৰাই দিছে। পৰ্যটকজনে টেক্সিত সোণ থকা মোনাটো পাহৰি এৰি থৈ গৈছিল। পৰ্যটকজনে মোক জনাইছে যে তেওঁ ষ্টেণ্ডৰ পৰা ভাড়াত লৈ যোৱা টেক্সীখনত সোণখিনি পাহৰি গৈছিল।"
"পিছত, যেতিয়া আমি চালকজনক খবৰ দিও, তেতিয়া টেক্সীখন বিচাৰি পোৱাৰ পিছত পৰ্যটকজনক সোণৰ বেগটো ঘূৰাই দিয়া হয়। পৰ্যটকজন যেতিয়া শ্ৰীনগৰ বিমানবন্দৰৰ পৰা উভতি আহে তেতিয়া তেওঁৰ বাহনখনত সোণৰ বেগটো এৰি অহাৰ কথা মনত পৰে। পৰ্যটকজনে টেক্সি চালকজনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।"
Comments