গুৱাহাটী,৬ ডিচেম্বৰ:পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসম কন্যা।চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিঙত সোণৰ পদক অৰ্জন অসম কন্যাৰ।ৰাষ্ট্ৰীয় কিক বক্সিঙৰ ৬০ কিলোগ্ৰাম অনূৰ্ধ্বৰ ছিনিয়ৰ মহিলা শাখাত অসমৰ হৈ একমাত্ৰ সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে গোৱালপাৰাৰ মাটিয়াৰ নূপুৰ ৰাজবংশীয়ে।প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত খেলুৱৈগৰাকী।
আনহাতে, উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোৱালপাৰা জিলাৰ ২২ গৰাকী খেলুৱৈৰ ভিতৰত ২১ গৰাকীয়ে বিভিন্ন শাখাত সোণকে ধৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে, পঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত যোৱা ২৭ নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং চেম্পিয়নশ্বীপ।২০২১ বৰ্ষত বডী বিল্ডিঙত মিছ ফিটনেছ গোৱালপাৰা, মিছ ফিটনেছ অসম ৰাণাৰ্ছ আপ খিতাপকে ধৰি ৰাজ্যিক- আন্তঃৰাজ্যিক পৰ্যায়ত সোণৰ পদকসহ কেইবাটাও পদক লাভ কৰিছে নূপুৰে।
Comments