গুৱাহাটী, ৭ ডিচেম্বৰঃ মালাইকা অৰোৰা প্ৰায়ে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে। এনে পৰিস্থিতিত, তেওঁ নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ কিছু কথা ব্যক্ত কৰি থাকে। বিবাহ বিচ্ছেদৰ পৰা তেওঁৰ নতুন সম্পৰ্কলৈ অহালৈকে, মালাইকাক বহুতো বিষয়ত তেওঁৰ মতামত উপস্থাপন কৰি আহিছে। বলীউড হওঁক বা ফেশ্বন উদ্যোগ হওঁক, মালাইকাই সকলোতে নিজৰ প্ৰতিভা দেখুৱাই আহিছে। শেহতীয়াকৈ মালাইকাই ফাৰাহ খানৰ এক অনুষ্ঠানত উপস্থিত হৈছে, য'ত তেওঁ ভৱিষ্যতৰ বিষয়ে বহুটো কথা প্ৰকাশ কৰিছে।
আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছৰে পৰা অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্কলৈকে, অভিনেত্ৰীগৰাকীয়ে বহুতো কথা উন্মোচন কৰিছে। প্ৰকৃততে ফাৰাহে মালাইকাক ভৱিষ্যতে বিয়া কৰাব নে আৰু ভৱিষ্যতে সন্তান জন্ম দিয়াৰ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত অভিনেত্ৰীগৰাকীয়ে কৈছে যে, "আপুনি নিশ্চিতভাৱে আপোনাৰ সঙ্গীৰ সৈতে এই বোৰ আলোচনা কৰিব। মানুহে মোৰ বিষয়ে কি কয় তাক মই গুৰুত্ব নিদিও। মই এনেদৰে বহুত সুখী।"
Comments