গুৱাহাটী, ৭ ডিচেম্বৰঃ বিশ্বৰ লগতে ভাৰততো প্ৰখ্যাত হলিউডৰ বিখ্যাত গায়িকা লেডী গাগাৰ কুকুৰ ৱাকাৰৰ ওপৰত ২০২১ চনত এজন ব্যক্তিয়ে আক্ৰমণ কৰিছিল। কুকুৰটোক আক্ৰমণ কৰা অভিযুক্তজনৰ নাম আছিল হাৱাৰ্ড জেকচন। জেকচনৰ দুজন সঙ্গীয়েও তেওঁক এই ঘটনাটো সংঘটিত কৰাত সমৰ্থন কৰিছিল। শেহতীয়াকৈ এই ঘটনাৰ সৈতে সম্পৰ্কিত এটা খবৰ পোৱা গৈছে যে কুকুৰটোক আক্ৰমণ কৰা ব্যক্তিজনক আদালতে ২১ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে। অভিযুক্ত জেকচনে লেডী গাগাৰ কুকুৰটোক গুলীয়াই আহত কৰিছিল। এই ঘটনাটো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ।
জেকচনে হলিউড ষ্ট্ৰীটত কুকুৰটোক আক্ৰমণ কৰিছিল। কুকুৰ প্ৰেমী লেডী গাগা এই ঘটনাটোৰ দ্বাৰা বহুত বিচলিত হৈছিল। লেডী গাগাৰ কুকুৰক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত জেকচন আৰু তেওঁৰ সহযোগী বৰ্তমান কাৰাগাৰত আছে। আদালতক এই সিদ্ধান্তত উপনীত হ'বলৈ ডেৰ বছৰতকৈও অধিক সময় লাগিছিল।
Comments