গুৱাহাটী, ৭ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী ড০ অংকুৰণ দত্তই শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় সাংস্কৃতিক কেন্দ্রত সঞ্চালক হিচাপে গুৰু দায়িত্ব লাভ কৰো। মঙলবাৰে বিভাগীয় সামাজিক মাধ্যমৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰা হৈছে। অধ্যাপক ড০ দত্তই ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধীনত কাৰ্যনিৰ্বাহ কৰিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰখ্যাত লেখক অৰূপ কুমাৰ দত্তই ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধীনত ইণ্ডোনেছিয়াত কেন্দ্ৰীয় সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বৰ্তমান, অধ্যাপক অংকুৰণ দত্ত বিদেশত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ পদত অধিষ্ঠিত হোৱা অসমৰ দ্বিতীয় জন ব্যক্তি হিচাপে বিবেচিত হৈছে। অধ্যাপক অংকুৰণ দত্তই ২০১৬ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
Comments