Cartoon
View Older
গুৱাহাটী, ৭ ডিচেম্বৰঃ বিতৰ্কিত মন্তব্য কৰি ভুল স্বীকাৰ কৰিলে সাংসদ বদৰুদ্দিন আজমলে।তীব্ৰ বিৰ্তকৰ অন্তত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বদৰুদ্দিন আজমল।অনুশোচনাত দগ্ধ হৈ আজমলে উঠাই লৈছে তেওঁৰ মন্তব্য।
সংবাদ মাধ্যমৰ আগত আজমলে ক’লে – ‘‘মই ভুল কৰিছো।তাৰ বাবে মই অনুতপ্ত।মই মোৰ মন্তব্য উঠাই লৈছো।ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে।থানাই থানাই গোচৰ ৰুজু হ’লেও মই আইনৰ ওপৰত বিশ্বাসী।মুখ্যমন্ত্ৰীয়ে মোৰ গোচৰ কৰিমগঞ্জ অথবা আমেৰিকালৈ পঠাই দিলেও মই আইনী যুঁজ যুঁজিবলৈ সাজু।’’
উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিন্দুসকলক লৈও আপত্তিজনক মন্তব্য কৰিছিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে।যাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।থানাই থানাই আজমলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
Comments