গুৱাহাটী, ৭ ডিচেম্বৰঃগুৱাহাটী মহানগৰৰ বিভিন্ন ব্যস্ত পথত বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে হ’ৰ্ডিং, বেনাৰ, প’ষ্টাৰ আদি অবৈধভাৱে আঁৰি আহিছে৷ দিনক দিনে এনে অবৈধ বিজ্ঞাপন বৃদ্ধি পোৱাৰ পাছতো গুৱাহাটী পৌৰ নিগমে উচ্ছেদ নকৰে৷গুৱাহাটী মহানগৰৰ বিভিন্ন পথত আঁৰি থোৱা বিভিন্নধৰণৰ বিজ্ঞাপনৰ নামত খোদ পৌৰ নিগমতে ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে৷
ৰাজধানী মহানগৰত ৰাজহ সংগ্ৰহৰ বাবে অন্যতম দিশ হিচাপে চিহ্নিত বিজ্ঞাপনৰ ক্ষেত্ৰখনত গুৱাহাটী পৌৰ নিগমৰ আওকণীয়া মনোভাবৰ বাবেই বছৰি বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাই থাকিব লগা হৈছে৷ইফালে পথৰ বহু হৰ্ডিং পুঁজিপতি গোষ্ঠীক বিজ্ঞাপনৰ বাবে দিয়াৰ নামতো অনেক অনিয়মৰ অভিযোগ আছে৷
সময়ে সময়ে গুৱাহাটী পৌৰ নিগম কতৃৰ্পক্ষই গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এলেকাত বিজ্ঞাপন প্ৰকাশৰ বাবে এক নতুন নিয়মৰ ব্যৱস্থা কৰিব বুলি সদৰী কৰি আহিছে যদিও সেয়া কাৰ্যক্ষেত্ৰত হৈ উঠা নাই৷যাৰ বাবে বেচৰকাৰী প্ৰতিষ্ঠানৰ কথা বাদ খোদ চৰকাৰৰ বিভিন্ন বিভাগে আঁচনিৰ বিভিন্ন হ’ৰ্ডিং বাটে-পথে নিজ ইচ্ছা অনুসৰি আঁৰি আহিছে৷
Comments