Cartoon
View Older
গুৱাহাটী, ৭ ডিচেম্বৰঃবকোৰ লামপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই চাহ দোকানত সোমাল দ্ৰুতবেগী আলট্ৰা বাছ।পথৰ দাঁতিত ৰখাই থোৱা ই-ৰিক্সাক খুন্দিওৱাৰ লগতে পথৰ দাঁতিৰ দুখন দোকানতো ভয়ানক খুন্দা বাছ খনৰ।
এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বি পি চলিহা মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাই।থিতাতে নিহত ড০ অঞ্জনজ্যোতি বৰা নগৰবেৰা বি পি চলিহা মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ প্ৰবক্তা।দুৰ্ঘটনাটোত আন চাৰিজন লোকো আঘাতপ্ৰাপ্ত হৈছে।
উল্লেখযোগ্য যে,বকো লামপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত কন্টেইনাৰ এখন অতিক্ৰম কৰিবলৈ যাওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।
Comments