গুৱাহাটী, ৭ ডিচেম্বৰঃ গুৱাহাটীৰ হৃদপিণ্ডস্বৰূপ দিপৰ বিলক পৰ্যটন থলীলৈ উন্নীতকৰণ, সৌন্দৰ্যবৰ্ধন আৰু জীৱন-জীৱিকাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কিছু বছৰৰ পূৰ্বে ১০ কোটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও এই আঁচনি সুচাৰুৰূপে ৰূপায়িত কৰিব পৰা নাই৷২০১৮ চনতে অসম চৰকাৰৰ পৰা ছিগনেচাৰ আঁচনিৰ বিপৰীতে দিপৰ বিলৰ উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন লাভ কৰিছিল৷
তাৰ পাছত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ অসম পৰ্যটন উন্নয়ন নিগমৰ জৰিয়তে ১০ কোটি টকাৰে দিপৰ বিলক পৰ্যটন থলীলৈ উন্নীতকৰণ, সৌন্দৰ্যবৰ্ধন আৰু নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বিলখনক জীৱন-জীৱিকাৰ কেন্দ্ৰবিন্দুলৈ পৰিৱৰ্তন কৰাৰ বাবে এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল৷ কিন্তু বন বিভাগৰ অৱহেলাৰ বাবেই কাৰ্যত ১০ কোটি টকাৰ অভিলাষী আঁচনিখন ৰূপায়িত কৰিব পৰা নাই৷
ইয়াৰ বিপৰীতে একাংশ মাফিয়া প্ৰকৃতিৰ লোকে মাটি বেদখল, মাটি কাটি দিপৰ বিলৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ কিন্তু সেইবোৰ কাণ্ড বন্ধ কৰিব নোৱৰা বন বিভাগে কিয় ১০ কোটি টকীয়া ছিগনেচাৰ আঁচনিখন ৰূপায়িত কৰাৰ ক্ষেত্ৰত অৱহেলা কৰি আহিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷
ইফালে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গুৱাহাটী পৌৰ নিগমক দিপৰ বিলৰ ওচৰতে থকা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰিত কৰিবলৈ ডেৰ বছৰ পূৰ্বে নিৰ্দেশ দিছিল যদিও আজি পৰ্যন্ত স্থানান্তৰ কৰিব পৰা নাই৷ফলত বিলখনৰ পানীভাগ দিনক দিনে অধিক প্ৰদূষিত হৈছে৷কিন্তু উক্ত গুৰুত্বপূৰ্ণ বিষয়টোত বন বিভাগে নীৰৱ ভূমিকাহে পালন কৰা পৰিলক্ষিত হৈছে৷ যাৰ ফলত বৰ্তমান বনভোজৰ দিন হোৱাৰ বাবে বনভোজলৈ যোৱা লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
Comments