লাহোৱাল, ৭ ডিচেম্বৰ: ডিব্ৰুগড় জিলাৰ মোহনবাৰী গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয় ভৱন আজি অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন, আইন, সামাজিক ন্যায়, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰে। চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চদশ বিত্তীয় আয়োগ আদিৰ লগতে বিভিন্ন শিতানৰ আৱন্টিত পুঁজিৰ মুঠ ৫৩,৭৮,০১১ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা পঞ্চায়ত গৃহটোত কনফাৰেন্স হল, সভাপতি-সম্পাদকৰ লগতে সদস্যসকলৰ বাবে কোঠা, ৰান্ধনি শালৰ লগতে বজাৰ উপলব্ধ আছে ৷
মোহনবাৰী পঞ্চায়তক আদৰ্শ পঞ্চায়ত হিচাবে অনুকৰণ কৰি ৰাজ্যৰ আন পঞ্চায়তৰ সভাপতি সচিব সকলেও যদি আগন্তুক দিনত এনেধৰণৰ ভৱন নিৰ্মাণ কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত অসমৰ গ্ৰামাঞ্চল উন্নয়নৰ দিশত বহুখিনি আগুৱাই যাব বুলি মন্ত্ৰী দাসে উল্লেখ কৰি এই সুন্দৰ পদক্ষেপৰ বাবে মোহনবাৰী পঞ্চায়তৰ সভাপতি ৰঞ্জন বৰুৱাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷
আজিৰ এই অনুষ্ঠানত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনিন্দ্ৰ নাথ শৰ্মা, জিলা পৰিষদৰ সভানেত্ৰী ডেইজী ৰাণী ফুকন শ্যামকে আদি কৰি খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যসকল উপস্থিত আছিল ৷
Comments