গুৱাহাটী, ৭ ডিচেম্বৰ: বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত অব্যাহত আছে প্ৰতিক্ৰিয়া।ইতিমধ্যেই বিতৰ্কিত মন্তব্য কৰি ভুল স্বীকাৰ কৰিছে বদৰুদ্দিন আজমলে।নভৱা–নিচিন্তাকৈ কথা কৈ এতিয়া অনুতপ্ত আজমল। পলমকৈ হ’লেও আজমলে বুজিলে তেওঁৰ মন্তব্য সঠিক হোৱা নাই। আনক আঘাত দিয়া মন্তব্য কৰি ইতিমধ্যে ভুল স্বীকাৰ কৰিছে আজমলে। উঠাই লৈছে তেওঁৰ মন্তব্য।
সংবাদ মাধ্যমৰ আগত আজমলে ক’লে- ‘মই ভুল কৰিছো। তাৰ বাবে মই অনুতপ্ত। মই মোৰ মন্তব্য উঠাই লৈছো। ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে।’এই সন্দৰ্ভত পুনৰ বাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।তেওঁ কয়- আজমলক সাংসদ হিচাপে পোৱাতো অসমৰ বাবে দুৰ্ভাগ্যজনক কথা। ক্ষমা খোজা, কেচ খেলা বেলেগ কথা, হিন্দু সভ্যতাৰ বাবে তেওঁ এজন সন্ত্ৰাস। আজমল ৰাজনৈতিক সন্ত্ৰাসবাদী, তেওঁৰ মুখা খোল খাইছে।
লগতে আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ’বই বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয়- ইমান কুৎচিত কথা এটা কৈ আজমলে ক্ষমা খুজিলেই নহ’ব। আজমল ৰাজনৈতিক সন্ত্ৰাসবাদী। তেওঁ এখন মুখা পিন্ধি এই সন্ত্ৰাসটো চলাই আছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে তেওঁ এটা সন্ত্ৰাস।
Comments