গুৱাহাটী,৪ ডিচেম্বৰ: কিডনীৰ অসুখত ভুগি থকা ৰাজ্যৰ হাজাৰ হাজাৰ ৰোগীৰ বাবে সুখবৰ । কিয়নো অসমত এতিয়াৰে পৰা বিনামূলীয়া হ’ব ডায়েল'ছিছ সেৱা । কিডনীজনিত ৰোগত আক্ৰান্ত লোকৰ জীৱন লগৰীত পৰিণত হোৱা ডায়েল'ছিছ বিনামূলীয়া হ’লে ৰাজ্যৰ কিডনী ৰোগী সকল নিশ্চিতভাৱে উপকৃত হ’ব । বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অনুপ বৰ্মনে জানিবলৈ দিয়া মতে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে ( এন এইছ এম ) ২০১৬ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েল'ছিছ প্ৰ'গ্ৰাম চমুকৈ পি এম এন ডি পি আঁচনিৰ অধীনত এই বিনামূলীয়া সেৱা উপলব্ধ কৰা হৈছে । প্ৰথম পৰ্যায়ত জিলা চিকিৎসালয়ত এই সেৱা আজিৰে পৰা আৰম্ভ কৰা হৈছে ।গুৱাহাটীত উত্তৰ পূবৰ বাবে থকা আঞ্চলিক সম্পদ কেন্দ্ৰত আজি আয়োজিত এক পৰামৰ্শ বিষয়ক গুৰুত্বপূৰ্ণ বৈঠকত এই ঘোষণা কৰা হয় ।
বৈঠকত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সচিব বিশাল চৌহানে ভাগ লৈ এই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যে সন্দৰ্ভত আলোকপাত কৰে ৷নতুনকৈ মুকলি হ’বলগীয়া বিনামূলীয়া ডায়েল'ছিছ সেৱা সন্দৰ্ভত আলোকপাত কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সচিব বিশাল চৌহানে কয় ভাৰতত প্ৰতি বছৰে ২.২ লাখ লোক নতুনকৈ কিডনী ৰোগত আক্রান্ত হয় । তেনেদৰে অসমতো বছৰি নতুনকৈ ১৪,৫০০ জন লোক কিডনী ৰোগত আক্রান্ত হয় । অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্যকেইখনত পহিলা এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈকে কেৱল সাতটা মাহত ১.৪০ লাখ লোকে ব্যক্তিগত চিকিৎসালয়ত ডায়েল'ছিছ কৰিব লগা হৈছে ।এই বিনামূলীয়া সেৱাই অসমৰ উপৰিও উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যকে সামৰি ল’ব । আনকি অসম আৰু অৰুণাচল প্ৰদেশত পি পি পি মডেলত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এই সেৱা উপলব্ধ কৰা হৈছে বুলি যুটীয়া সচিব গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।
Comments