গুৱাহাটী,৪ ডিচেম্বৰ:অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ ৷ অহা ৬ ডিচেম্বৰত নলবাৰীত মুকলি কৰা হ’ব উত্তৰ-পূবৰ প্ৰথমটো 3D তাৰকাগৃহ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে দৰ্শকৰ বাবে মুকলি কৰিব এই তাৰকাগৃহটো৷
উত্তৰ-পূবৰ প্ৰথমটো 3D তাৰকাগৃহ মুকলি কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব নলবাৰীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৷ উল্লেখ্য যে, ২০১২ চনৰ ২১ মে’ত কংগ্ৰেছ চৰকাৰৰ দিনতে সেই সময়ৰ তদানীন্তন স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই তাৰকাগৃহটোৰ শিলান্যাস কৰিছিল ।প্ৰায় ৬০ গৰাকী দৰ্শকে একেলগে সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ এই তাৰকাগৃহটোৰ জড়িয়তে উপভোগ কৰিবলৈ পাব ।
আনহাতে এই তাৰকাগৃহটো হ’ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ । উল্লেখ্য যে সাধাৰণ লোকে ৫০ টকাৰ বিনিময়ত তাৰকাগৃহটো দৰ্শনৰ বাবে লাভ কৰিব টিকট ৷ ইয়াৰ বিপৰীতে ৩০ টকাৰ বিনিময়ত শিক্ষাৰ্থী সকলে দৰ্শন কৰিব পাৰিব তাৰকাগৃহটো ৷ অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাতো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে এই তাৰকাগৃহত ৷ ইতিমধ্যে তাৰকাগৃহটোৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷
Comments