Cartoon
View Older
গুৱাহাটী,৪ ডিচেম্বৰ:মৌলানা বদৰুদ্দিন আজমলক উভতি ধৰিলে নগাঁও জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বণিয়াই ৷তেওঁ কয় যে,‘‘মৌলানা বদৰুদ্দিন আজমল প্ৰকৃততে এজন ধুৰন্ধৰ ব্যৱসায়িক ৰাজনীতিবিদ ৷ তেখেতে যেতিয়া ভাবে নিজৰ ডেউকা পাৰ কৰিব লাগে বা সময় আহি পৰিছে, তেতিয়াই কিছু বিতৰ্কিত মন্তব্য কৰে ৷ যি মন্তব্যই অসমৰ লগতে সমগ্ৰ ভাৰততে তোলপাৰ লগাব পাৰে ৷’’
উল্লেখ্য যে, দুদিন পূৰ্বে এআইডিইউএফ দলৰ সভাপতি তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে হিন্দু সমাজকলৈ কিছু বিতৰ্কিত মন্তব্য কৰিছিল ৷ যি মন্তব্যই পাচতে সমগ্ৰ দেশতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনকি হিন্দুৰ সমাজ ব্যৱস্থা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এআইডিইউএফৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ৷
Comments